কলিয়াবৰ, 24 মাৰ্চ :বিশ্ব জল দিৱসৰ পিছতেই দেখা গৈছে কলিয়াবৰৰ এখন গাঁৱত 40 টাকৈ পৰিয়ালে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে । কলিয়াবৰ শিলঘাটৰ-ৰৱৰবাৰী এটা অঞ্চলৰ ৰাইজে দৈনন্দিন জীৱনত এটুপি পানীৰ বাবে কৰিব লগা হৈছে সংগ্ৰাম । পানী আহৰণৰ বাবে সংগ্ৰাম কৰিব লগা হোৱা দৃশ্যই চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে বিশ্ব জল দিৱসৰ উদযাপনৰ (World water day celebration) বিপৰীত দৃশ্য ।
কলিয়াবৰৰ শিলঘাটৰ-ৰৱৰবাৰী এটা অঞ্চলৰ ৰাইজৰ পদূলিয়ে-পদূলিয়ে নামত আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ "জল জীৱন" আঁচনিৰ পানীৰ সংযোগ ৷ কিন্তু সেই সংযোগৰ পৰা ৰাইজে নাপায় পানী (poor implementation of Jal jeevan mission in Kaliabar) । ফলত শিলঘাট-ৰৱৰবাৰী অঞ্চলৰ প্ৰায় 40 টাকৈ পৰিয়ালে ঘৰৰ চোতালত গাঁত খান্দি এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে অপেক্ষা কৰিব লগা হয় ।
কলিয়াবৰত জলজীৱন মিছন আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম পানীৰ অভাৱত গাঁওখনৰ ৰাইজে কাষতে থকা ব্ৰহ্মপুত্ৰৰ পানী অথবা দুই কিলোমিটাৰ দূৰৰ পৰা কুঁৱাৰ পানী আনি খাব লগা হৈছে । আজিলৈকে অঞ্চলটোৰ ৰাইজে নাপালে চৰকাৰী আঁচনিৰ বিশুদ্ধ খোৱাপানী । উল্লেখ্য যে, আধুনিক পৃথিৱীখনত আজিও বহুতো দেশ আছে যিয়ে তীব্ৰ পানীৰ অভাৱৰ সন্মুখীন হৈছে । ৰাষ্ট্ৰসংঘই বিশ্বক পানীৰ সংকটৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যৰে বিশ্ব জল দিৱস উদযাপন কৰা আৰম্ভ কৰিছিল ।
1992 চনত ৰিঅ' ডি জেনেৰিঅ’ত অনুষ্ঠিত পৰিৱেশ আৰু উন্নয়নৰ ওপৰত ৰাষ্ট্ৰসংঘৰ সন্মিলনে বিশ্ব জল দিৱস পালন কৰিবলৈ সিদ্ধান্ত লয় ৷ ইয়াৰ পাছতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২২ মাৰ্চৰ দিনটো বিশ্ব জল দিৱস হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰে আৰু 1993 চনৰ পৰা এই দিনটো বিশ্ব জল দিৱস হিচাপে উদযাপন কৰে । তেতিয়াৰে পৰা পানীৰ গুৰুত্ব, প্ৰয়োজনীয়তা আৰু সংৰক্ষণৰ বিষয়ে মানুহক সজাগ কৰাৰ বাবে প্ৰতি বছৰে 22 মাৰ্চৰ দিনটো বিশ্ব জল দিৱস উদযাপন কৰা হয় ।
লগতে পঢ়ক :TET teachers protest : হাজাৰ হাজাৰ শিক্ষকৰ প্ৰতিবাদত কঁপিল গুৱাহাটীৰ কাহিলিপাৰা