অসম

assam

ETV Bharat / city

কলিয়াবৰত ওলাল প্লাষ্টিকৰ চাউল - nagaon

পানীত সিজালে নিসিজে চাউল ৷ মজিয়ালৈ দলি মাৰি পঠালে প্লাষ্টিকৰ বলৰ দৰেই উফৰি পৰেগৈ ৷ কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়াৰ ৰান্ধনিশালত এইবাৰ ধৰা পৰিল প্লাষ্টিকৰ চাউল ৷

etv bharat

By

Published : Jun 13, 2019, 6:56 AM IST

কলিয়াবৰ, 13 জুন: বজাৰ দিনক দিনে বৃদ্ধি পাইছে ভেজাল খাদ্যৰ ভাণ্ডাৰ ৷ কলিয়াবৰত এইবাৰ ওলালে প্লাষ্টিকৰ সদৃশ চাউল ৷ খোদ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ ৰান্ধনিশালতে ধৰা পৰিল প্লাষ্টিকৰ দৰে এই ভেজাল চাউল ৷ আৰক্ষী বিষয়া মৃন্ময় দাসৰ ব্যক্তিগত আৱাস গৃহত ভাত ৰান্ধনিয়ে ধৰা পেলালে এই চাউল ৷ ঘন্টা ঘন্টা ধৰি সিজালেও নিসিজে এই প্লাষ্টিকৰ চাউল ৷ ইয়াৰ পৰিৱৰ্তে বলৰ দৰে গোট মাৰিবলৈহে ধৰে চাউল খিনি ৷ তাতোতকৈ আচৰিত এইয়ে যে, প্লাষ্টিকৰ বলৰ দৰেই মজিয়াত উফৰি পৰে চাউলৰ লডাটো ৷

কলিয়াবৰত ওলাল প্লাষ্টিকৰ চাউল

উল্লেখ্য যে, কুঁৱৰীটোলৰ ৰাধা কৃষ্ণ ষ্ট'ৰ নামৰ দোকান খনৰ পৰা ক্ৰয় কৰা চাউল খিনি যোৰহাট চিনাামৰাৰ শিৱ শক্তি ৰাইচ মিলত উৎপাদিত আৰু মেলামতি ব্ৰেণ্ডৰ চাউল । ইয়াৰ পূৰ্বেও ৰাজ্যখনত এনেধৰণৰ প্লাষ্টিক গুণ সম্পন্ন খাদ্য ধৰা পৰাৰ উদাহৰণ আছে ৷ শেহতীয়াকৈ আৱিষ্কাৰ হোৱা এই প্লাষ্টিক চাউলক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

ABOUT THE AUTHOR

...view details