অসম

assam

বটদ্ৰৱাত নিজ মাতৃক হত্যা পুত্ৰৰ

By

Published : Feb 7, 2020, 4:41 AM IST

বটদ্ৰৱাৰ চলাপথাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পুত্ৰই হত্যা কৰিলে নিজ মাতৃক ৷ গ্ৰেপ্তাৰ হত্যাকাৰী পুত্ৰ ৷

বটদ্ৰৱা, 7 ফেব্ৰুৱাৰীঃবটদ্ৰৱাত কলি যুগৰ পৰশুৰাম । নিজ মাতৃক দাৰে ঘপিয়াই হত্যা কৰিলে আছাদুল ইছলাম নামৰ কুলংগাৰ পুত্ৰই । পুনৰ মানৱ সমাজক লজ্জানত কৰা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে বটদ্ৰৱাৰ চলাপথাৰত । মদৰ ৰাগীত মাতাল হৈ দাৰে ঘপিয়াই হত্যা কৰে আয়েছা খাতুন নামৰ ৫৫ বছৰীয়া বৃদ্ধ মাতৃক। দীৰ্ঘদিনৰ পৰা চলি অহা পাৰিবাৰিক কন্দলৰ পৰিণতিতেই সংঘটিত হয় এই কৰুণ ঘটনা ।

চলাপথাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড

ইতিমধ্যে ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰে ৷ ইফালে মাতৃক হত্যা কৰি পলায়নৰ চেষ্টা চলাওতেই হত্যাকাৰী আছাদুল ইছলামক ৰাইজে কৰায়ত্ত কৰি উত্তম মধ্যম সুধাই গতাই দিয়ে বটদ্ৰৱা আৰক্ষীক । পিচত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হত্যাকাৰী আছাদুল ইছলামক অব্যাহত ৰাখিছে মাৰাথন জেৰা । এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র বটদ্ৰৱাতে ৷

ABOUT THE AUTHOR

...view details