বঢ়মপুৰ, ২৮ মে': মঙলবাৰে বিয়লি কামপুৰ ন দেউৰী গাঁৱৰ চাৰিজন কিশোৰে কপিলী নৈত এখন নাও লৈ খেলি থকাৰ অৱস্থাতে এজন কিশোৰ সন্ধানহীন হৈ পৰে । খেলি থকা অৱস্থাতে পানীত পৰি সন্ধানহীন হয় মনদ্বীপ লস্কৰ নামৰ কিশোৰজন ।
কপিলী নৈত সন্ধানহীন কিশোৰ - কামপুৰ আৰক্ষী উপস্থিত
কপিলী নৈত এখন নাৱেৰে খেলি থকা অৱস্থাত কামপুৰ ন দেউৰী গাঁৱৰ চাৰিজন কিশোৰৰ এজন সন্ধানহীন হৈ পৰে । ঘটনাস্থলীত কামপুৰ আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে ৷

সন্ধানহীন মনদ্বীপ লস্কৰ
কপিলী নৈত সন্ধানহীন কিশোৰ
স্থানীয় লোকে কপিলী নৈত উদ্ধাৰ অভিযান চলাই যদিও কিশোৰ জনক উদ্ধাৰ কৰিব সক্ষম নহয় ৷ পিছত ঘটনাস্থলীত কামপুৰ আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰে ৷