নগাঁও, 15 ছেপ্তেম্বৰ : দুৰ্নীতিৰ যেন ভূ-স্বৰ্গত পৰিণত হৈছে কোষাগাৰ কাৰ্যালয় । এইবাৰ নগাঁও আৰক্ষীৰ জালত পৰিল এগৰাকী ঘোচখোৰ মহিলা কৰ্মচাৰী । এগৰাকী আৰক্ষী কনিষ্টবলৰ পৰাই উৎকোচ বিচাৰি জালত পৰিছে মহিলা কৰ্মচাৰীগৰাকী ।
আৰক্ষীৰ পৰা উৎকোচ বিচাৰি গ্ৰেপ্তাৰ কোষাগাৰৰ কৰ্মচাৰী নগাঁও কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ খুচবু হাৰলালকা নামৰ কণিষ্ঠ গাণনিক সহায়কগৰাকীয়ে আৰক্ষী কনিষ্টবল এগৰাকীৰ পৰা জি পি এফৰ ধন মোকলাই দিয়াৰ নামত বিচাৰিছিল এহেজাৰ টকা ।
লগতে পঢ়কঃ মৰণত শৰণ দি মাৰ নাৱেৰে যাতায়াত ৰূপহীমুখবাসীৰ
উল্লেখযোগ্য যে, নগাঁৱত কৰ্মৰত আৰক্ষী কনিষ্টবল নবীন বৰাৰ পৰা উৎকোচ বিচাৰিছিল মহিলা কৰ্মচাৰীগৰাকীয়ে । ইপনে কনিষ্টবল নবীন বৰাই নগাঁও আৰক্ষীক বিষয়টো অৱগত কৰাত নগাঁও আৰক্ষীয়ে উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে আটক কৰে গোচখোৰ কৰ্মচাৰী গৰাকীক । সম্প্ৰতি মহিলা কৰ্মচাৰী গৰাকীক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।
মনকৰিব লগীয়া যে, যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰা দুৰ্নীতি নাইকিয়া কৰিবলৈ চৰকাৰী বিষয়া সকলক কঠোৰ নিৰ্দেশ প্ৰদান কৰি আহিছে ৷
সেই সময়তে নগাঁৱত এগৰাকী কোষাগাৰৰ কৰ্মচাৰীয়ে আৰক্ষী কণিষ্ঠ বলৰ পৰা উৎকোচ বিচৰা কাণ্ডটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ একাংশই কব বিচাৰিছে যে, মুখ্যমন্ত্ৰীৰ নিদেশকো কেৰেপ নকৰে নেকি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে ৷
লগতে পঢ়কঃ ৰাজ্যৰ মংগল কামনাৰে সপত্নীক ঢেকীয়াখোৱা বৰনামঘৰত সেৱা ল’লে মুখ্যমন্ত্ৰীয়ে