চামগুৰি, 24 মে': ৰাজ্যত এতিয়াও ক’ভিড পৰিস্থিতি উন্নত হোৱা নাই ৷ কৰ’ণাৰ সংক্ৰমণ কিছুু পৰিমাণে হ্ৰাস পাইছে যদিও মৃত্যুৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৷ চামগুৰিৰ চিমনাবস্তিত চিকিৎসালয়ৰ অন্তৰ্গত চাহ বাগানত কৰ’ণাৰ ভয়ংকৰ সংক্ৰমণ ৷
চাহ বাগিছাৰ বিভিন্ন এলেকাত বৰ্তমানে ক‘ভিডত আক্ৰান্তৰ সংখ্যা হৈছে ১৪৮ গৰাকী । সোমবাৰৰ দিনটোত মৃত্যু হয় পুৰণা চালনাৰ এজন ক’ভিড ৰোগীৰ । ক’ভিডত আক্ৰান্ত হৈ চামলাল গৌড়(৫৪) নামৰ ব্যক্তিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷