নগাঁও, 3 ডিচেম্বৰ :নগাঁৱৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে চলিত বৰ্ষত সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিশিষ্ট মননশীল লেখিকা ৰীতা চৌধুৰী(Novelist and Sahitya Akademi Award recipient Rita Chowdhury)ক শুকুৰবাৰে প্ৰদান কৰে ৰণাংগন সন্মান ২০২১(Ranangan award 2021) । নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়(Srimanta Sankaradeva University)ৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় বিশিষ্ট লেখিকা ৰীতা চৌধুৰীলৈ ।
ৰণাংগন সন্মান ২০২১ গ্ৰহণ কৰি বিশিষ্ট লেখিকা ৰীতা চৌধুৰীয়ে সমাজখনৰ হকে এতিয়ালৈকে সম্পূৰ্ণ আন্তৰিকতা আৰু নিষ্ঠাৰে কাম কৰি অহাৰ কথা ব্যক্ত কৰি এই সন্মান তেওঁৰ বাবে সৌভাগ্য বুলিও মন্তব্য কৰে ৷ উল্লেখ্য যে, নগাঁৱৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে বিগত বৰ্ষৰ পৰা সাহিত্য-সংস্কৃতিৰ লগতে সামাজিক ক্ষেত্ৰত বিশেষভাৱে বৰঙণি আগবঢ়োৱা ব্যক্তিক ৰণাংগন সন্মান প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।