অসম

assam

ETV Bharat / city

গোপনে সৰবৰাহ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী ! - কৰ'ণা ভাইৰাছ

কৰ'ণা ভাইৰাছৰ আতংকময় পৰিৱেশৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী গোপনে কঢ়িয়াই নিছে এন এইছ পি চিয়ে । নগাঁৱৰ শেনচোৱাস্থিত গুদামৰ পৰা গোপনে সৰবৰাহ জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰীৰ ।

NHPC Secretly supply hydroelectric project materials from Nagaon
NHPC Secretly supply hydroelectric project materials from Nagaon

By

Published : Jun 12, 2020, 7:18 PM IST

নগাঁও, 12 জুন: COVID-১৯ ৰ ভয়াৱহতাকলৈ এতিয়া আতংকিত ৰাজ্য়বাসী। সকলো ব্যস্ত COVID-১৯ৰ পৰা নিজকে সুৰক্ষিত কৰি ৰখাত । এনে এক ভয়াৱহ পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰিয়ে জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কামৰ বাবে তৎপৰ হৈ উঠি পৰি লাগিছে নির্মাণকাৰী সংস্থা এন এইছ পি চি (NHPC)

গোপনে সৰবৰাহ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী !

নগাঁৱৰ শেনচোৱাস্থিত এন এইছ পি চি ৰ গুদামৰ পৰা ইতিমধ্যেই আৰম্ভ কৰিছে সামগ্ৰী সৰবৰাহ । গুদামৰ ভিতৰত সাজু কৰা হৈছে দুখনকৈ সামগ্ৰী কঢ়িওৱা ট্ৰাক । এখন বাহনত সম্পূৰ্ণ ৰূপে ৰ'ড ভৰ্তি কৰোৱাৰ বিপৰীতে আনখন বাহনো সাজু কৰা হৈছে সামগ্ৰী কঢ়িওৱাৰ বাবে ।

জাতীয় দল সংগঠনৰ বাধা স্বত্বেও অতি গোপনে জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে এন এইছ পি চি য়ে । এই খবৰ লাভ কৰি দৃশ্য সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো বাধা প্ৰদানৰ চেষ্টা চলায় তাত নিৰাপত্তাৰ দায়িত্বত থকা এজন কৰ্মচাৰীয়ে ।

লগতে চাওকঃ বিশ্ব শ্ৰমিক বিৰোধী দিৱসৰ দিনাই লংকাত উদ্ধাৰ শিশু শ্ৰমিক

ABOUT THE AUTHOR

...view details