নগাঁও, 22 আগষ্ট : ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ বিগত ১০০ দিনৰ সফলতাৰ আঁৰত আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰ্শীবাদ আৰু সহযোগিতা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাতেই অসমৰ উন্নয়ন সম্ভৱ হৈছে ।’’ জন আৰ্শীবাদ যাত্ৰাৰ দ্বিতীয় দিনা নগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লৈ প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হৈয়েই "জন আৰ্শীবাদ যাত্ৰা"ত অংশগ্ৰহণ কৰা সৰ্বানন্দ সোণোৱাল দেওবাৰে উপস্থিত হয় নগাঁৱত । নগাঁৱত জন আৰ্শীবাদ যাত্ৰাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । নগাঁৱৰ সাংস্কৃতিক প্ৰকল্পত আয়োজিত জন আৰ্শীবাদ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ।
বিগত কংগ্ৰেছৰ দীৰ্ঘদিনীয়া কাৰ্যকালত অৱহেলিত হোৱা উত্তৰ-পূৰ্বাঞ্চলত মোদীৰ সাত বছৰীয়া কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সম্ভৱ হৈছে বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে ।