অসম

assam

By

Published : Sep 27, 2019, 9:17 PM IST

ETV Bharat / city

জুৰীয়াত চাঞ্চল্য : স্বামী শাহুয়ে জ্বলাই দিলে বোৱাৰীক

নগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে 80 শতাংশ অগ্নিদগ্ধ বোৱাৰীগৰাকীয়ে ৷

জুৰীয়াত চাঞ্চল্য : স্বামী শাহুয়ে জ্বলাই দিলে বোৱাৰীক

নগাঁও, 27 চেপ্তেম্বৰ: এক জঘন্য অমানুষিক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি নগাঁৱৰ জুৰীয়াত। মাত্ৰ কেইদিন পূৰ্বে জুৰীয়াৰ ধিং গাঁৱৰ এগৰাকী বোৱাৰীক স্বামীয়ে জ্বলাই হত্যা কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই জুৰীয়াৰ পৰমাইভেটিত সংঘটিত হৈছে এক অনুৰূপ ঘটনা ৷ মাতৃৰ সৈতে মিলি স্বামীয়ে জ্বলাই দিলে জুৰীয়াৰ পৰমাইভেটি গাঁৱৰ জোনমনি বেগম নামৰ এগৰাকী মহিলাক ৷ শৰীৰৰ প্ৰায় 80 শতাংশ অগ্নিদগ্ধ হোৱা বোৱাৰী গৰাকীয়ে বৰ্তমান জীৱন-মৰণৰে যুঁজিছে নগাঁও অসামৰিক চিকিৎসালয়ত ৷

ঘটনা অনুসৰি মহিলাগৰাকী মাত্ৰ ডেৰ বছৰ পূৰ্বে পৰমাইভেটি গাঁৱৰ ইনামূল হকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷ কিন্তু বিয়াৰ পাছৰে স্বামী গৃহৰ লোকে তেঁওৰ ওপৰত আৰম্ভ কৰে ব্যাপক শাৰীৰিক আৰু মানসিক অত্যাচাৰ ৷ শুকুৰবাৰে অত্যাচাৰৰ সীমা চেৰাই যোৱাত মহিলাগৰাকীক জ্বলাই দিয়ে স্বামীৰ পৰিয়ালৰ লোকে ৷ ইফালে বোৱাৰী হিচাপে পছন্দ নোহোৱাৰ বাবেই নিৰ্যাতন কৰি তেওঁক স্বামী আৰু শাহুয়ে জ্বলাই দিছে বুলি চাঞ্চল্যকৰ অভিযোগ কৰিছে অগ্নিদগ্ধ মহিলাগৰাকীয়ে ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

জুৰীয়াত চাঞ্চল্য : স্বামী শাহুয়ে জ্বলাই দিলে বোৱাৰীক

ABOUT THE AUTHOR

...view details