অসম

assam

By

Published : May 7, 2022, 5:24 PM IST

Updated : May 7, 2022, 5:32 PM IST

ETV Bharat / city

President Colour Award: নগাঁও আৰক্ষীয়ে আয়োজন কৰিলে চাইকেল ৰেলি

ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাবেৰে আৰু উৎকৃষ্ট মানবিশিষ্ট সেৱা আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মান (President colour award to Assam police) ৷ শনিবাৰে সন্মানৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও আৰক্ষীয়ে পুলিচ ৰিজাৰ্ভত আয়োজন কৰে এক বণাৰ্ঢ্য কাৰ্যসূচী ৷

assam-police-cycle-rally-in-nagaon
President Colour Award : নগাঁও আৰক্ষীয়ে আয়োজন কৰিলে চাইকেল ৰেলি

নগাঁও, 7 মে’: অসম আৰক্ষীয়ে লাভ কৰা দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মানৰ লগত সংগতি ৰাখি নগাঁও আৰক্ষীয়ে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী (Celebration of winning Presidents Colour Award) । শনিবাৰে এই উপলক্ষে নগাঁও আৰক্ষীয়ে পুলিচ ৰিজাৰ্ভত আয়োজন কৰে এক বণাৰ্ঢ্য কাৰ্যসূচী ৷

এই অনুষ্ঠানত উপস্থিত থাকে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে ৷ তাৰ পাছতেই বিভিন্ন গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত নগাঁও পুলিচ ৰিজাৰ্ভৰ পৰা চাইকেল ৰেলি আয়োজন কৰে (Assam police Cycle Rally in Nagaon) ৷ এই চাইকেল ৰেলিত এক হাজাৰৰো অধিক গাঁওৰক্ষী বাহিনীৰ লোকে অংশগ্ৰহণ কৰে ৷

নগাঁও আৰক্ষীয়ে আয়োজন কৰিলে চাইকেল ৰেলি

চাইকেল ৰেলিৰ ফ্লেগ অফ কৰে CRPF ৰ কামাণ্ডিং অফিচাৰে ৷ উল্লেখ্য যে, অসম আৰক্ষীয়ে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে আৰু উৎকৃষ্ট মানবিশিষ্ট সেৱা আগবঢ়োৱাৰ বাবে দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মান লাভ কৰিছে (President colour award) ৷

আগন্তুক 10 মে’ত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah) অসম আৰক্ষীক আনুষ্ঠানিকভাৱে এই বিৰল সন্মান প্ৰদান কৰিব ৷

লগতে পঢ়ক :President Colour Award : অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতি কালাৰ সন্মান

Last Updated : May 7, 2022, 5:32 PM IST

ABOUT THE AUTHOR

...view details