নগাঁও, 20 আগষ্ট:নগাঁও জিলাৰ ৰূপহীহাটত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা । ৰূপহীহাটৰ বৰতলত বুধবাৰে সংঘটিত এক ডকাইতিৰ ঘটনাৰ ৷ তাৰ পাচতে অভিযান চলাবলৈ গৈ বৃহস্পতিবাৰে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল নগাঁও আৰক্ষী । উল্লেখযোগ্য যে, বুধবাৰে এখন চাৰিচকীয়া বাহন আগুচি প্ৰায় পাঁচ লাখ টকা লুটি নিছিল ডকাইতৰ দলটোৱে ।
ঘটনা সংঘটিত হোৱাৰ পিছতেই নগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰেই জাহাংগীৰ আৰু আব্দুল ছহিদক আটক কৰি আৰম্ভ কৰিছিল মাৰাথান জেৰা ।ধৃত দুই ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিতে ডকাইতি ঘটনাৰ সমগ্ৰ তথ্য লাভ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত শুকুৰবাৰে আন এক ডকাইতক বিচাৰি অভিযান আৰম্ভ কৰে আৰক্ষীৰ এটা দলে।
বৰতল ডকাইতিত জড়িত দুধর্ষ ডকাইত আব্দুল জলিলক বিচাৰি অভিযান চলোৱাৰ সময়ত পলায়ন কৰাৰ চেষ্টা কৰে আব্দুল জলিল । ডকাইতটো পলায়নৰ চেষ্টা কৰাৰ সময়তে গুলীচালনা কৰিবলৈ বাধ্য হয় অভিযানকাৰী আৰক্ষীৰ দলটো ।আৰক্ষীৰ মতে, আৰক্ষীৰ গুলীত আহত হৈছে ডকাইত জলিল । কিন্তু গুলীচালনা কৰিও ডকাইতটোক কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল আৰক্ষীৰ দলটো ।