নগাঁও, 21 ডিচেম্বৰ :মাইক্ৰ’ ফাইনেঞ্চৰ পৰা ঋণ (Micro finance loan in Assam) লৈ সৰ্বস্বান্ত হোৱা লোকৰ কাহিনী আপুনি পঢ়িছে বা দেখিছে ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে ঋণগ্ৰস্তৰ ঋণ মাফৰ বাবে আঁচনি গ্ৰহণ কৰাৰ বিষয়েও আপুনি জ্ঞাত ৷ কিন্তু জোকৰ দৰে আমাৰ সমাজৰ মাজত থাকি সুদৰ কাৰোবাৰ চলাই যোৱা (Illegal money laundering in Assam)সকলৰ বিষয়ে আপুনি বাৰু কিমান জানে ?
সাধাৰণ লোকৰ আৰ্থিক দৈন্যতাৰ(Financial crises of poor people) সুযোগ লৈ তেওঁলোকক সৰ্বস্বান্ত কৰি আহিছে এচাম সুদখোৰ লোকে ৷ সাধাৰণতে টকা সুদলৈ দিয়া এই কাৰোবাৰটো কৰিছিল কাবুল তথা আফগানিস্তানৰ পৰা ব্যৱসায় সূত্ৰে ভাৰত বা অসমলৈ অহা একাংশ লোকে (Kabuliawal in India) ৷ যাক কোৱা হয় কাবুলী ৷ কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ গল্প কাবুলীৱালাত (Kabuliwala written by Rabindranath Tegore) এই বিষয়ে বিশদভাৱে পোৱা যায় ৷ কিন্তু অসমৰ গাঁৱে-চহৰে থকা চুকত থাকি বুকত কামোৰা এচাম সুদখোৰ এতিয়া হৈ পৰিছে লোকেল কাবুলী ৷
লগতে পঢ়ক :Fight against crime : জালত পৰিল কুখ্যাত ইৰাণ
লোকেল কাবুলীৰ কৱলত পৰি বহুতেই নিজৰ মাটি-ভেটিও হেৰুওৱাৰ উপক্ৰম হ’বলৈ ধৰিছে ৷ অধিক সুদৰ হাৰত দুখীয়াক ধাৰলৈ ধন দিয়া এইসমূহ লোকেল কাবুলীয়ে সূদ বা মূলধন নাপালে কাঢ়ি নিয়ে গৃহস্থৰ সা-সম্পত্তি ৷ প্ৰয়োজনত মাটি-ভেটি কাঢ়ি ঋণগ্ৰস্তক অঘৰী কৰিবলৈও কুণ্ঠাবোধ নকৰে এইচাম লোকেল কাবুলীয়ে ৷
নগাঁৱতো যেন এক প্ৰকাৰ সন্ত্ৰাস চলিছে লোকেল কাবুলীৰ (Local Kabuli terror in Nagaon)। অভাৱগ্ৰস্ত লোকক ধন দি সুদৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ একাংশ স্বয়ম্ভূ কাবুলীৱালাৰ বিৰুদ্ধে । সাধাৰণ লোকৰ অভাৱৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি নিজ ইচ্ছামতেই লোকেল কাবুলীয়ে সুদ আদায় কৰে ঋণ লোৱা লোকৰ পৰা । আনকি ঋণ লোৱা লোকৰ পৰা উকা দলিলত চহী লোৱাৰ উপৰিও এ টি এম পৰ্যন্ত নিজৰ কব্জাত লয় একাংশ সুদখোৰে ।