নগাঁও, 19 আগষ্ট: দিনক দিনে অধিক বেয়ালৈ গতি কৰিছে ৰাজ্যৰ গ্ৰামাঞ্চলত বসবাস কৰা জনসাধাৰণৰ অৱস্থা ৷ আৰ্থিক দৈন্যতাই এতিয়া বেয়াকৈ চানি ধৰিছে নগাঁও জিলাৰ বৃহত্তৰ গ্ৰাম্য অঞ্চল ৷ বন্ধণ বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি এতিয়া গাঁও এৰিছে বহু পৰিয়ালে ৷ বিগত সময়ছোৱাত গ্ৰামাঞ্চলৰ দৰিদ্ৰ জনতাৰ সহায়ৰ বাবে বহু আঁচনিৰ ঘোষণাৰে এক প্ৰকাৰৰ চমক দিছিল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৷ তাৰে ভিতৰত অন্যতম আছিল প্ৰধান মন্ত্ৰীৰ ধন-জন আঁচনি যাৰ একাউন্ট খুলিবলৈ শাৰী পাতিছিল জিলাখনৰ গ্ৰামাঞ্চলবাসীয়ে ৷ যাৰ ফলস্বৰূপেই একাউন্ট খোলাৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে প্ৰথম হৈছিল নগাঁও জিলা৷ কিন্তু সেইখন জিলাতেই গ্ৰামাঞ্চলৰ বহু পৰিয়ালে বন্ধন বেংককে ধৰি বিভিন্ন ব্যক্তি আৰু প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷
ৰাজ্যৰ গ্ৰামাঞ্চলত বন্ধন বেংকৰ আতংকঃ কোন দিশলৈ গতি কৰিছে ৰাজ্যৰ গ্ৰাম্যজীৱন ! - দুখজনক অৱস্থা
নগাঁও জিলাৰ গ্ৰামাঞ্চলত তীব্ৰ আৰ্থিক দৈন্যতাত দিন কটাইছে গাঁৱবাসীয়ে ৷ বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি ঘৰ-বাৰী এৰি অন্য স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়ালে ৷ ই টি ভি ভাৰতৰ অনুসন্ধানত পোহৰলৈ আহিছে গ্ৰামঞ্চলৰ এই দুখ লগা ছবি ৷
নগাঁও-মৰিগাঁওৰ সীমান্তৰ দলংঘাট উন্নয়ন খণ্ডৰ পাঘালী গাওঁ পঞ্চায়তৰ বহু পৰিয়াল এতিয়া ঋণৰ বোজাত কোঙা যাৰ ফলত ঋণ পৰিশোধ কৰিব নোৱাৰি ঘৰ বাৰী এৰি অন্য স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়ালে ৷ বহু পৰিয়ালে বহি ৰাজ্যত কাম কৰিও পৰিশোধ কৰি আছে বেংকৰ ঋণ ৷ অঞ্চলটো খালি বাসগৃহ এতিয়া কোনো নতুন কথা নহয়৷ অঞ্চলটোত বিগত দুমাহে এক অনুসন্ধান চলাই ভয়ানক তথ্য বাহিৰলৈ আনিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ৷ এই অনুসন্ধানতে পোহৰলৈ আহিছে গ্ৰাম্য অৰ্থনীতিৰ ভয়াবহ ছবি ৷
প্ৰায় দুহেজাৰ লোকৰ মাজত চলোৱা এই অনুসন্ধানৰ তথ্য মতে অঞ্চলটোৰ ৫৫.১০ শতাংশ পৰিয়ালেই বৰ্তমান ঋণৰ বোজাত কোঙা ৷ ৬৮ শতাংশ পৰিয়াল চলি আছে দিন হাজিৰা কৰি ৷ এই তথ্য প্ৰকাশ কৰি গ্ৰামীণ শ্ৰমিক সন্থাৰ সম্পাদক অৰূপ মহন্তই কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামাঞ্চল বিৰোধী নীতিক ক্ষুৰদ্ধাৰ সমালোচনা কৰি কয়, "গ্ৰাম্য অঞ্চলটোত চৰকাৰৰ ধন জন, গ্ৰাম্য জীৱন জীৱিকা অভিযান আদি সকলো আচনিয়েই এতিয়া সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে৷ এইখন চৰকাৰৰ গ্ৰামাঞ্চলত বাসকৰা লোকৰ প্ৰতি কোনো দায়িত্ববোধ নাই৷ তেওলোকৰ কাৰণে এতিয়া যিকোনো উপায়েৰে সংবিধান সলনি কৰায়ে প্ৰধান উদ্দেশ্য"৷ শেষত গ্ৰামাঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে ভূমি আৰু আৱাসৰ আইন প্ৰস্তুত কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৰ সম্পাদক অৰূপ মহন্তই ৷