নগাঁও,11এপ্ৰিলঃ প্ৰতিখন জিলাতে আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰি বিভিন্ন সা-সুবিধা প্ৰদান কৰা হৈছে যদিও নগাঁৱৰ ৰূপহীহাটৰ আদৰ্শ ভোট কেন্দ্ৰত বহু সুবিধাৰ পৰাই বঞ্চিত হ'বলগীয়া হৈছে সাধাৰণ লোক। ৰূপহীহাটৰ ফাকুলি ভোট কেন্দ্ৰত টেণ্ট সাজি আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে যদিও আদৰ্শ ভোট কেন্দ্ৰটোত নাই শিশুসকলৰ উমলাৰ কোনো ব্যৱস্থা।
নগাঁৱৰ আদৰ্শ ভোট কেন্দ্ৰত নাই শিশু উমলাৰ কোনো সুবিধা - nagaon
নগাঁৱৰ আদৰ্শ ভোটকেন্দ্ৰত শিশুসকলৰ খেলৰ সামগ্ৰী নথকাৰ লগতে বিশেষভাৱে সক্ষম লোকক ভোটকেন্দ্ৰলৈ অনাৰ বাবে বাহনৰ ব্যৱস্থা নোহোৱাত ক্ষুব্ধ একাংশ স্থানীয় ৰাইজ

নগাঁৱৰ আদৰ্শ ভোটকেন্দ্ৰ
প্ৰশাসনে আদৰ্শ ভোটকেন্দ্ৰত শিশুসকলৰ খেলৰ সামগ্ৰীৰ লগতে বিশেষভাৱে সক্ষম লোকক ভোটকেন্দ্ৰলৈ অনাৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছিল যদিও এই আদৰ্শ ভোট কেন্দ্ৰটোত বিশেষভাৱে সক্ষম লোকক ঘৰৰ পৰা অনাৰ কোনো ব্যৱস্থা নোহোৱাৰ কথা ব্যক্ত কৰে স্থানীয় ৰাইজে। লগতে বিশেষভাৱে সক্ষম লোকসকলৰ যাতায়তৰ বাবে প্ৰশাসনে বাহনৰ ব্যৱস্থাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি একাংশ ৰাইজে প্ৰশাসনৰ অমনোযোগিতাৰ বাবেই একাংশ বিশেষভাৱে সক্ষম লোক ভোটদানৰ পৰা বঞ্চিত হ'ব লগীয়াত পৰিল বুলি মন্তব্য কৰে ৷
নগাঁৱৰ আদৰ্শ ভোট কেন্দ্ৰ ফোপোলা ছবি