নগাঁও, 30 মাৰ্চ: সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে মহামাৰী কৰ'ণা ভাইৰাছে । অসমত এইপৰ্যন্ত এজনো আক্ৰান্ত হোৱা নাই যদিও মহামাৰী ৰূপ লোৱা কৰ'ণাৰ বিৰুদ্ধে যথেষ্ট সষ্টম হৈছে ৰাজ্য চৰকাৰ । ইয়াৰ মাজতে সমগ্ৰ ৰাজ্যবাসীৰ লগতে নগাঁওবাসীক কিছু পৰিমাণে সকাহ প্ৰদান কৰিছে কেইটামান তুলনামূলক ভাল খবৰে । কিছুদিন পূৰ্বে নগাঁও জিলাৰ কলিয়াবৰৰ কৃষ্ণ মহন্ত নামৰ এগৰাকী ব্যক্তিয়ে কৰ'ণাত আক্ৰান্ত সকলৰ বাবে আইচলেটেড শিবিৰ স্থাপন কৰিবৰ বাবে নিজৰ ১০ বিঘা মাটি দান দিম বুলি প্ৰশাসনক আবেদন জনোৱাৰ পাচতেই এইবাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে পুৰণিগুদামৰ পথাৰৰ আগ চাৰিআলিৰ এজন লোক ৷
নিতুল গায়ন নামৰ লোকজনে পথাৰৰ আগ চাৰিআলিত থকা "বৰ্ষা বিবাহ ভৱন" নামৰ নিজা বৃহৎ গৃহটোক প্ৰয়োজন সাপেক্ষে ক'ৰণা ৰোগী সকলক চিকিৎসাৰ বাবে আইচলেটেড শিবিৰ হিচাবে ব্যৱহাৰ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আবেদন জনাইছে । ক'ৰণাৰ বিৰুদ্ধে চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখুওৱা অত্যাধিক তৎপৰতাৰ প্ৰতি সহাৰি জনাই তথা বৃহত্তৰ নগাঁওবাসীৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি এই মহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে নিতুল গায়নে ।