নগাঁও, 29 এপ্ৰিল : নগাঁও পৌৰসভা এলেকাৰ জাবৰক লৈ দীৰ্ঘদিন ধৰি সৃষ্টি হৈ আহিছে এক জটিল সমস্যা । চহৰখনৰ যধে-মধে হোৱা জাবৰৰ দ'মৰ বাবে সমস্যাৰ সন্মুখীন হৈ আহিছে চহৰখনৰ সাধাৰণ লোক । অৱশেষত নগাঁও পৌৰ সভা গঠন হোৱাৰ পিছত শুকুৰবাৰে স্থায়ী ডাম্পিং গ্ৰাউণ্ডৰ কাম আৰম্ভ কৰে নগাঁও পৌৰসভাই (Dumping Ground in Nagaon) ।
নগাঁও চহৰৰ নাতিদূৰৈৰ কাটিমাৰীত শুকুৰবাৰে নগাঁও পৌৰসভাই জাৱৰৰ গাড়ী লৈ উপস্থিত হোৱাৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । ফলত অঞ্চলটোৰ স্থানীয় লোকে ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতা কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে (Local people against setting up of dumping ground) । পৰৱৰ্তী সময়ত ঘটনাস্থলীত নগাঁও পৌৰসভাৰ দায়িত্বত থকা প্ৰশাসনিক বিষয়া উপস্থিত হয় ৷ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিয়োগ কৰা হয় আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী ৷