নগাঁৱত চৰকাৰৰ শ্ৰমিক বিৰোধী আইনৰ বিৰুদ্ধে শ্ৰমিকৰ প্ৰতিবাদ
চৰকাৰৰ শ্ৰমিক বিৰোধী আইনৰ বিৰুদ্ধে চি আৰ ইউ, এফ এম আৰ আৰে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷
নগাঁও, 17 আগষ্ট : শ্ৰম আইন সংশোধনৰ নামত চৰকাৰে শ্ৰমিক বিৰোধী আইন, 1976 বাতিল কৰিব খোজা কাৰ্যত জাঙুৰ খাই উঠিছে শ্ৰমিক সংগঠন চি আৰ ইউ আৰু এফ এম আৰ আই কৰ্মচাৰী সন্থা ৷ এই দুয়োটা সংগঠনৰ উদ্যোগত শনিবাৰে নগাঁও চহৰত ৰূপায়ন কৰা হয় এক প্ৰতিবাদী কাৰ্য্যসূচী ৷ নগাঁৱৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত কেবাশতাধিক কৰ্মচাৰীয়ে বিভিন্ন শ্লগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদৰ পাছত শ্ৰমিক বিৰোধী আইন ১৯৭৬ বাহাল ৰখাৰ দাবীত সহকাৰী শ্ৰম আয়ুক্তৰ জৰিয়তে প্ৰতিবাদী সংগঠন দুটাই দেশৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷