অসম

assam

ETV Bharat / city

নগাঁৱৰ কালী পূজাত বেহাৰবাৰী আউট প'ষ্টৰ অভিনেতা প্ৰীতম খাৰঘৰীয়া - নগাঁৱৰ কালী পূজাত  বেহাৰবাৰী আউট প'ষ্টৰ এছ আই প্ৰীতম খাৰঘৰীয়া

নগাঁৱৰ পানীগাওঁ মুক্তি সংঘই প্লাষ্টিকমুক্ত পৰিবেশ গঢ়াৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে নিৰ্মাণ কৰিছে কালী পূজাৰ মণ্ডপ । ইফালে নগাঁৱৰ ৰামকৃষ্ণ ৰোড কিশোৰ সংঘৰ কালী পূজাত উপস্থিত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট প'ষ্টৰ এছ আই প্ৰীতম খাৰঘৰীয়া

নগাঁৱত ৰামকৃষ্ণ ৰোড কিশোৰ সংঘৰ কালী পূজাত বেহাৰবাৰী আউট প'ষ্টৰ এছ আই প্ৰীতম খাৰঘৰীয়া

By

Published : Oct 29, 2019, 9:04 AM IST

নগাঁও, 28 অক্টোবৰ: দীপাৱলী আৰু কালী পূজা উপলক্ষে উখল মাখল নগাওঁ চহৰ । উৎসৱমুখৰ পৰিবেশৰ মাজতে দ্বিতীয় দিনাও কালী মাক পূজা অৰ্চনা কৰে অগণন ভক্তই । নগাঁৱৰ পানীগাওঁ মুক্তি সংঘই প্লাষ্টিকমুক্ত পৰিবেশ গঢ়াৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে নিৰ্মাণ কৰিছে কালী পূজাৰ মণ্ডপ । মণ্ডপটোৰ জৰিয়তে প্লাষ্টিকৰ ভয়াবহতা আৰু প্ৰাকৃতিক সম্পদ বিনষ্টৰ ফলত কিদৰে অক্সিজেনৰ অভাৱ হয় তাৰ এক ছবি দাঙি ধৰিছে ।

নগাঁৱৰ কালী পূজাত বেহাৰবাৰী আউট প'ষ্টৰ অভিনেতা প্ৰীতম খাৰঘৰীয়া

ইফালে, নগাঁৱৰ ৰামকৃষ্ণ ৰোড কিশোৰ সংঘৰ কালী পূজাত উপস্থিত হৈ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট প'ষ্টৰ এছ আই প্ৰীতম খাৰঘৰীয়া খ্যাত প্ৰীতম বৰুৱাই বিতৰণ কৰে কালী পূজাৰ ভোগ । আনহাতে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া নগাঁৱৰ পানীগাঁৱৰ ইক' ক্লাৱেও নাওঁৰ আৰ্হিত অটকধুনীয়াকৈ নিৰ্মাণ কৰা পূজা মণ্ডপতো ভীৰ অগণন ভক্তৰ । সহস্ৰাধিক ভক্তক ভোগ বিতৰণ কৰে ইক' ক্লাব কালী পূজা সমিতিয়ে । চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা কালী ইক' ক্লাৱ কালী পূজাৰ ৰূপালী জয়ন্তীৰ ।

ABOUT THE AUTHOR

...view details