নগাঁও, 18 নৱেম্বৰ: অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰিল দেওবাৰে সন্ধিয়া মাজৰআটিত ইটিভি ভাৰতৰ সাংবাদিকক আক্ৰমণ কৰা জিতুমণি শইকীয়া নামৰ যুৱকজন ৷ সোমবাৰে জিতুমণিক মাজৰআটিৰ পৰাই গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে ৷ দেওবাৰে সন্ধিয়া নগাঁৱৰ মাজৰআটি চাৰিআলিত এটা চোৰৰ ওপৰত একাংশ লোকে চলোৱা গণ প্ৰহাৰৰ দৃশ্য সংগ্ৰহ কৰি থকা অৱস্থাত ইটিভি ভাৰতৰ সাংবাদিকক প্ৰহাৰ কৰিছিল জিতুমণি শইকীয়া নামৰ এজন উদণ্ড যুৱকে আৰু তেওঁক সংগ দিছিল স্থানীয় গাওঁবুঢ়া তথাবিজেপি নেতা অনিল দাসে ৷
নগাঁও আৰক্ষীৰ জালত সাংবাদিকক আক্ৰমণকাৰী মৰেল পুলিচ - মাজৰআটি
ইটিভি ভাৰতৰ সাংবাদিকক প্ৰহাৰ কৰিছিল আটক হোৱা জিতুমণি শইকীয়াই ৷ উদণ্ড যুৱকজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও এনে ধৰণৰ গুণ্ডাগিৰিৰ বহু অভিযোগ আছে ৷
উল্লেখযোগ্য যে, নিজকে সাংবাদিক বুলি পৰিচয় দিয়া জিতুমণি শইকীয়া নামৰ উদণ্ড যুৱকজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও এনে ধৰণৰ গুণ্ডাগিৰিৰ বহু অভিযোগ আছে ৷ ঘটনা সন্দৰ্ভত নিগৃহীত সাংবাদিকজনে অভিযুক্ত যুৱকজনৰ লগতে গাঁওবুঢ়া অনিল দাসৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছিল আৰু তাৰ ভিত্তিতে আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে জিতুমণি শইকীয়াক ৷ কিন্তু এতিয়াও পলাতক অৱস্থাত আছে ঘটনাৰ মূল অভিযুক্ত গাওঁবুঢ়া অনিল দাস ৷
আৰু পঢ়ক: নগাঁৱত Etv ভাৰতৰ সাংবাদিকক আক্ৰমণ মৰেল পুলিচগিৰি কৰা ৰাইজৰ !