নগাঁও, 2 নৱেম্বৰ :সদ্য সমাপ্ত বিউটি ফেশ্বন শ্ব'ত মিছ নৰ্থ ইষ্ট ইণ্ডিয়া প্ৰতিযোগিতাত নগাঁৱৰ চাৰিগৰাকী কন্যাই পদক অৰ্জন কৰি নগাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় । ইয়াৰে শেনচোৱাৰ কন্যা অনুষ্কাই প্ৰতিযোগিতাখনত ফাৰ্ষ্ট ৰাৰ্ণাছ আপৰ খিতাপ দখলৰ লগতে ব্ৰেণ্ড এম্বেচাডৰ হ’বলৈও সক্ষম হৈছে ।
মিছ নৰ্থ ইষ্ট ইণ্ডিয়া কিডচৰ খিতাপ দখল নগাঁৱৰ শেনচোৱাৰ চাৰিগৰাকী প্ৰতিযোগীয়ে মিছ নৰ্থ ইষ্ট ইণ্ডিয়া বিউটি ফেশ্বন শ্ব'টোত অংশগ্ৰহণ কৰিছিল । ইয়াৰে দুগৰাকীয়ে কিডছ কেটেগৰীত আন দুগৰাকী টিন কেটেগৰীত অংশগ্ৰহণ কৰিছিল । প্ৰতিযোগিতাখনৰ টিন শাখাত অংশগ্ৰহণ কৰি অনুষ্কা দাস প্ৰথম ৰাৰ্ণাচ আপ পাবলৈ সক্ষম হয় ।
মিছ নৰ্থ ইষ্ট ইণ্ডিয়া কিডচৰ খিতাপ দখল প্ৰতিযোগিতাখনত মেৰিন দাসে মিছ নৰ্থ ইষ্ট ইণ্ডিয়া কিডচ কেটেগৰীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় । একেদৰে নন্দিনী দাসে মিছ নৰ্থ ইষ্ট ইণ্ডিয়া কিডচ শাখাত প্ৰথম ৰাণাৰ্ছ আপৰ হয় ৷ আনহাতে জিনা ৰশ্মি শইকীয়াই মিছ চাইনিং ষ্টাৰ এৱাৰ্ড লাভ কৰি নগাঁৱলৈ সুনাম কঢ়িয়াই আনে ৷
মিছ নৰ্থ ইষ্ট ইণ্ডিয়া কিডচৰ খিতাপ দখল প্ৰতিযোগী চাৰিগৰাকীৰ এই সাফল্যক লৈ সম্প্ৰতি উৎফুল্লিত হৈ পৰে সমগ্ৰ শেনচোৱাৰ লগতে নগাঁৱৰ ৰাইজ ৷ শেনচোৱাৰ প্ৰতিযোগীকেইগৰাকীৰ ঘৰত এতিয়া এক আনন্দ মুখৰ পৰিৱেশে বিৰাজ কৰিছে । লগতে নগঞা কন্যাকেইগৰাকীয়ে নগাঁওবাসীৰ পৰা আশীষ বিচৰাৰ লগতে শিক্ষাগুৰু, পিতৃ-মাতৃক ধন্যবাদ জ্ঞাপন কৰিছে ।
মিছ নৰ্থ ইষ্ট ইণ্ডিয়া কিডচৰ খিতাপ দখল লগতে পঢ়ক :বিতৰ্কত নাম সাঙোৰ খাইছে পিংকী বাইদেউৰ : ষড়যন্ত্ৰ কৰিছে নেকি কোনোবাই ?