অসম

assam

ETV Bharat / city

নগাঁৱত পাৱাৰ ইলেক্ট্ৰিকেল কন্ট্ৰেকটৰ এছ’চিয়েছনৰ প্ৰতিবাদ

শুকুৰবাৰে নগাঁৱত পাৱাৰ ইলেক্ট্ৰিকেল কন্ট্ৰেকটৰ এছ’চিয়েছনে প্ৰতিবাদ সাব্যস্ত কৰে (Nagaon electrical association protest ) ৷ বিজুলী ভৱনত অসমীয়া ভাষাক লাঞ্ছিত কৰাৰ বাবে এই প্ৰতিবাদ ৷

By

Published : May 20, 2022, 10:08 PM IST

Nagaon electrical association protest against Insult to Assamese language
নগাঁৱত পাৱাৰ ইলেক্ট্ৰিকেল কন্ট্ৰেকটৰ এছ’চিয়েছনৰ প্ৰতিবাদ

নগাঁও, 20 মে’:শুকুৰবাৰে নগাঁৱত পাৱাৰ ইলেক্ট্ৰিকেল কন্ট্ৰেকটৰ এছ’চিয়েছনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজুলী ভৱনত অসমীয়া ভাষাক লাঞ্ছিত কৰা আৰু কেন্দ্ৰীয় চৰকাৰে আৱন্টিত বৃহৎ পৰিমাণৰ ধনেৰে ৰূপায়িত RDSS আঁচনিৰ কামৰ পৰা থলুৱা ঠিকাদাৰক বঞ্চিত কৰিব বিচৰা কাৰ্যৰ প্ৰতিবাদত নগাঁৱত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এছ’চিয়েছনটোৱে (Nagaon electrical association protest ) ৷

নগাঁও চহৰৰ পানীগাঁওস্থিত নগাঁও বৈদ্যুতিক চক্ৰ কাৰ্যালয়ৰ সন্মুখত এই অৱস্থান ধৰ্মঘট পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে পাৱাৰ ইলেক্ট্ৰিকেল কন্ট্ৰেকটৰ এছ’চিয়েছনে ৷ APDCLৰ প্ৰতিবাদী ঠিকাদাৰসকলে বিজুলী ভৱনত অনুষ্ঠিত Pre Bid Meeting ত থলুৱা ঠিকাদাৰক অসমীয়া ভাষা প্ৰয়োগ কৰাত বাধা দিয়াৰ কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে (Insult to Assamese language ) ৷

নগাঁৱত পাৱাৰ ইলেক্ট্ৰিকেল কন্ট্ৰেকটৰ এছ’চিয়েছনৰ প্ৰতিবাদ

লগতে অসমীয়া ভাষাক লাঞ্ছিত কৰা বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই APDCLৰ প্ৰতিবাদী ঠিকাদাৰ সকলে । অৱস্থান ধৰ্মঘটৰ অন্তত কেইবাটাও দাবী এখন সম্বলিত স্মাৰক পত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীলৈ প্ৰেৰণ কৰে পাৱাৰ ইলেক্ট্ৰিকেল কন্ট্ৰেকটৰ এছ’চিয়েছনে (Nagaon electrical association memorandum to CM ) ৷

লগতে পঢ়ক :প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়কৰ

ABOUT THE AUTHOR

...view details