নগাঁও, 4 জুলাই: নগাঁৱত ক্ৰমাৎ ভয়াৱহ দিশত গতি কৰিছে ক’ভিড-১৯ মহামাৰীয়ে । শুকুবাৰৰ দিনটোত নগাঁৱত মুঠ 60 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-১৯ ৰ অৱস্থিতি । ইয়াৰ লগে-লগে নগাঁৱত 754 জনলৈ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ।
শুকুৰবাৰ চিনাক্ত হোৱা কৰ'ণা আক্ৰান্ত ৰোগীৰ একাংশৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত । ভ্ৰমণ বৃত্তান্ত নোহোৱা লোকো ক’ভিড-১৯ ত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতেই অধিক আতংকিত হৈ পৰিছে নগাওঁবাসী ।