অসম

assam

নগাঁৱত 825 জনলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্ত ৰোগী

By

Published : Jul 5, 2020, 9:38 PM IST

ৰাজ্যত বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ নগাঁও জিলাত দেওবাৰে 825 গৰাকীলৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা ৷

নগাঁৱত 825 জনলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্ত ৰোগী
নগাঁৱত 825 জনলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্ত ৰোগী

নগাঁও, 5 জুলাই :নগাঁৱত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । কোৱাৰেণ্টাইনত থকা লোকৰ উপৰিও ভ্ৰমণ বৃত্তান্ত নথকা নগাঁৱৰ বহুকেইজন কোভিড-19ত আক্ৰান্ত হোৱা বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে । দেওবাৰৰ দিনটোত নতুনকৈ 22 জন লোক কোভিড-19ত আক্ৰান্ত হয় ৷ ইয়াৰ পিচতেই জিলাখনত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 825 জনলৈ বৃদ্ধি পায় ৷ জিলাখনৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হাস্পতালত 108 গৰাকী, কন্দলি মডেল হাস্পতালত 38 গৰাকী, উজৰাগাঁও মডেল হাস্পতালত 22গৰাকী, মোৱামাৰী মডেল হাস্পতালত 35 গৰাকী আৰু চিমনাবস্তি মডেল হাস্পতালত 35 গৰাকী ৰোগী ভৰ্তি হৈ আছে ।

আনহাতে সমগ্ৰ ৰাজ্যত শেহতীয়াকৈ 11,001 গৰাকী লোক কোভিড-19 ত আক্ৰান্ত হৈছে ৷ ইয়াৰ ভিতৰত 6743 গৰাকী ৰোগী আৰোগ্য হৈ উঠাৰ লগতে 4241 গৰাকী ৰোগী এতিয়াও সক্ৰিয় হৈ আছে ৷ অসমত কোভিড-19ত আক্ৰান্ত হৈ 14 গৰাকীয়ে মৃত্যুমুখত পৰিছে ৷

লগতে পঢ়কঃকেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে দান কৰিব প্লাজমা

ABOUT THE AUTHOR

...view details