অসম

assam

ETV Bharat / city

চামগুৰিত চোৰাং গৰু সৰবৰাহকাৰীসহ 22 টাকৈ গৰু জব্দ

নগাঁৱৰ চামগুৰিত আৰক্ষীৰ অভিযানত পাঁচটাকৈ চোৰাং গৰু সৰবৰাহকাৰী সহ জব্দ 22 টাকৈ গৰু ৷ সৰবৰাহকাৰী দলটোৱে চোৰাংভাৱে মেঘালয় অভিমুখে লৈ গৈছিল গৰু কেইটা ।

By

Published : Sep 17, 2019, 8:52 AM IST

চামগুৰিত চোৰাং গৰু সৰবৰাহকাৰীসহ 22 টাকৈ গৰু জব্দ

নগাওঁ,17 চেপ্তেম্বৰঃ ৰাজ্যত অব্যাহত আছে গৰু সৰবৰাহৰ চোৰাং বেহা। কৰিমগঞ্জ আৰু ধুবুৰীত সঘনাই গৰু সৰবৰাহৰ ঘটনা সংঘটিত হৈ থকাৰ পিচতে নগাঁৱতো পোহৰলৈ আহিছে গৰু সৰবৰাহৰ ঘটনা ৷ চোৰাংভাৱে বহিঃৰাজ্যলৈ গৰু সৰবৰাহৰ কেন্দ্ৰস্থল হৈ পৰিছে নগাঁৱৰ চামগুৰি। চামগুৰিৰ কেইবাখনো ঠাইত গঢ় লৈ উঠিছে চোৰাং গৰুৰ বৃহৎ বজাৰ।

চামগুৰিত চোৰাং গৰু সৰবৰাহকাৰীসহ 22 টাকৈ গৰু জব্দ

এই সন্দৰ্ভত নগাওঁ আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান ৷ আৰক্ষীৰ অভিযানত সোমবাৰে বিয়লি চামগুৰি আৰক্ষীৰ জালত পৰিল পাঁচটাকৈ চোৰাং গৰু সৰবৰাহকাৰী সহ 22 টাকৈ গৰু । সৰবৰাহকাৰী দলটোৱে চোৰাংভাৱে মেঘালয় অভিমুখে লৈ গৈছিল গৰু কেইটা । ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে মেঘালয়ৰ মিকি ধৰ,আৰবাজ ধৰ,ক্যানমৌ পাপ'ঙ আৰু চামগুৰিৰ মুকচিদুল ইছলাম আৰু মুক্তাৰ হুছেইনক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ গৰুৰ চোৰাং বেহা ৰোধ কৰাৰ বাবে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

ABOUT THE AUTHOR

...view details