কলিয়াবৰ, 2জুনঃনগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত মঙলবাৰে কৰণা ভাইৰাছৰ সজাগ আৰু সচেতনতা বৃদ্ধিৰ বাবে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লক-ডাউনৰ নীতি-নিয়ম অমান্য কৰা লোকক জৰিমনা বিহে আৰক্ষী প্ৰশাসনে ৷
কলিয়াবৰত মাস্ক পৰিধান নকৰা লোকক 500 টকা জৰিমণা প্ৰশাসনৰ - আৰক্ষী প্ৰশাসন
জখলাবন্ধাত মাস্ক পৰিধান নকৰা লোকক 500 টকাকৈ জৰিমণা বিহে আৰক্ষীয়ে ৷ সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আৰু সকলো সময়তেই মাস্ক পৰিধান কৰিবলৈ ৰাইজক আহ্বান আৰক্ষী প্ৰশাসনৰ ৷

সমগ্ৰ ৰাজ্যত লক ডাউন অব্যাহত থকাৰ মাজতে চৰকাৰে ইতিমধ্যে কিছু কিছু দিশত শিথিল কৰি দিছে ৷ ইতিমধ্যে লাহে লাহে বজাৰ সমাৰ খোলাও পৰিলক্ষিত হৈছে ৷ কিন্তু উক্ত বজাৰ সমুহত উপস্থিত একাংশ ৰাইজে লক ডাউনৰ কোনো নিয়ম-নীতি মানি নচলাৰ উপৰিও মাস্কো পৰিধান নকৰা পৰিলক্ষিত হৈছে ৷ উক্ত দিশটোৰ প্ৰতি নজৰ ৰাখি কলিয়াবৰৰ জখলাবন্ধাত মঙলবাৰে মহকুমা প্ৰশাসনৰ সহযোগত জখলাবন্ধা আৰক্ষীয়ে ক'ৰণা ভাইৰাছৰ সজাগ আৰু সচেতনতা বৃদ্ধিৰ বাবে ৰূপায়ণ কৰে এক বিশেষ ব্যৱস্থা ৷ জখলাবন্ধাৰ বিভিন্ন অঞ্চলৰ বাণিজ্যিক কেন্দ্ৰত উপস্থিত হৈ মাস্ক পৰিধান নকৰা লোকক 500 টকাকৈ জৰিমণা বিহে আৰু প্ৰদান কৰে একোখনকৈ মাস্ক। লগতে উপস্থিত ৰাইজৰ মাজত সামাজিক দুৰত্ব আৰু মাস্ক পৰিধান কৰাবলৈ জখলাবন্ধা আৰক্ষীয়ে অব্যাহত ৰাখিছে সচেতনতা অভিযান । উক্ত অভিযানত প্ৰশাসনৰ লোকৰ লগতে আশা কৰ্মী আৰু চাফাই কৰ্মী সকলেও সহযোগিতা আগবঢ়ায় ।
লগতে পঢ়ক- কৰিমগঞ্জত ভূমিস্খলন : প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে 5 সদস্যই