অসম

assam

By

Published : May 18, 2021, 10:45 PM IST

ETV Bharat / city

নগাঁও জিলাত ক’ভিড কেয়াৰ সেৱা কেন্দ্ৰ মুকলি প্ৰদ্যুৎ বৰদলৈৰ

ক’ভিড আক্ৰান্ত ৰোগী, আক্ৰান্তৰ পৰিয়ালক সহায় কৰা আৰু কৰ’ণা সম্পৰ্কত যিকোনো সহায়ৰ বাবে মুকলি কৰা হয় ক’ভিড কেয়াৰ সেৱা কেন্দ্ৰটি ৷ সেৱা কেন্দ্ৰটোৱে চৰকাৰ তথা প্ৰশাসনৰ পৰিপূৰক হিচাপে কাম কৰিব বুলিও মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

নগাঁও জিলাত ক’ভিড কেয়াৰ সেৱা কেন্দ্ৰ মুকলি প্ৰদ্যুৎ বৰদলৈৰ
নগাঁও জিলাত ক’ভিড কেয়াৰ সেৱা কেন্দ্ৰ মুকলি প্ৰদ্যুৎ বৰদলৈৰ

নগাঁও, 18 মে' : কৰ’ণাৰ দ্বিতীয় ঢৌ'য়ে ৰাজ্যজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে ৷ ক’ভিড আক্ৰান্ত জিলাৰ ভিতৰত নগাঁও জিলা হৈছে কৰ’ণাক অন্যতম হটস্পট জিলা ৷ কৰ‘ণাৰ পৰা জিলাখনৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্য কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও চহৰৰ মাজ মজিয়াত ক’ভিড সেৱা কেন্দ্ৰ স্থাপন কৰিছে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

মঙলবাৰে এই ক’ভিড কেয়াৰ কেন্দ্ৰটি মুকলি কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । ক’ভিড সেৱা কেন্দ্ৰ মুকলি কৰি ক’ভিড-19 ৰ পৰীক্ষা সংখ্যা বৃদ্ধি কৰা, ক’ভিড-19 ত আক্ৰান্ত লোক অথবা আক্ৰান্তৰ পৰিয়ালৰ লোকৰ সহায়ৰ উদ্দেশ্যে স্থাপন কৰা সেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । ক’ভিড সংক্ৰান্তীয় যিকোনো সমস্যাৰ সন্মূখীন হোৱা লোকৰ সহায়ৰ বাবে স্থাপন কৰা ক’ভিড সেৱা কেন্দ্ৰত কেইবাজনো স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে বুলি জানিহ পৰা গৈছে ।

নগাঁও জিলাত ক’ভিড কেয়াৰ সেৱা কেন্দ্ৰ মুকলি প্ৰদ্যুৎ বৰদলৈৰ

সেৱা কেন্দ্ৰটোৱে চৰকাৰ তথা প্ৰশাসনৰ পৰিপূৰক হিচাপে কাম কৰিব বুলিও মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । মধ্য অসমত ক’ভিড পৰীক্ষাৰ হাৰ অতি কম বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । লগতে মধ্য অসমত আৰ টি পিছি আৰৰ জৰিয়তে ক’ভিড পৰীক্ষা কৰিব পৰা লেবৰেটৰী স্থাপনৰ বাবেও অসম চৰকাৰক দাবী জনায় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । উল্লেখ্য যে বিগত দিনকেইটাত অসমত আক্ৰান্তৰ পৰিমাণ কিছু পৰিমানে হ্ৰাস পাইছে যদিও মৃত্যুৰ সংখ্যা উদ্দেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :বিধায়কৰ ৰূপত চাবুৱাত সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details