চামগুৰি, 12 অক্টোবৰ: চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ ভেঁটি কপাইছে অসম গণ পৰিষদ দলে ৷ চামগুৰিত এইবাৰ যেন ৰাজনৈতিক পট পৰিৱৰ্তন হ'ব নেকি বিধায়ক ৰকিবুলৰ ৷ চামগুৰি ভাটিয়াখালী পঞ্চায়তৰ অন্তৰ্গত লটানি চাপৰিত অগপই আয়োজন কৰিলে বিশাল যোগদান সভা । বিধায়ক ৰকিবুল হুছেইনৰ গৃহ সমষ্টিত কংগ্ৰেছ এৰি দলে বলে যোগদান কৰিছে অগপত (AGP mass joining program at Samaguri)।
বিধায়ক ৰকিবুল হুছেইনৰ কাম-কাজত অসন্তুষ্ট হৈ প্ৰায় চাৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে মণি মাধৱ মহন্ত আৰু আবু বক্কৰ ছিদ্দিকৰ উপস্থিতিত অসম গণ পৰিষদ দলত যোগদান কৰে (Congress workers joined in AGP at Samaguri) । মুখ্য অতিথি হিচাপে নগাঁও জিলাৰ অসম গণ পৰিষদ দলৰ সভাপতি মণিমাধৱ মহন্ত আৰু লাওখোৱা আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন আবু বক্কৰ ছিদ্দিকৰ লগতে বহু বিশিষ্ট নেতা কৰ্মী উপস্থিত থাকে সভা খনত ।
বিধায়ক ৰকিবুল হুছেইনে সমষ্টিৰ উন্নয়ন আৰু ৰাইজৰ স্বাৰ্থত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে চামগুৰিত ৷ আগন্তুক নিৰ্বাচনত যেন ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে চামগুৰিৰ ভোটাৰ ।
লগতে পঢ়ক:MLA Akhil Gogoi: বিজেপিৰ বিধায়কে কয়লা ছিণ্ডিকেট চলাই থকাৰ অভিযোগ অখিল গগৈৰ
ইতিমধ্যে চামগুৰি আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ, লাওখোৱা আঞ্চলিক পঞ্চায়তৰ সভাপতি-সদস্যকে আদি কৰি বহুতেই অগপত যোগদান কৰিছে । সভাত অগপ নেতা মণিমাধৱ মহন্তই কয় যে, কংগ্ৰেছৰ নেতৃত্ব নোহোৱা হৈছে আৰু নীতিও নাইকীয়া হৈছে ৷ কেনেকৈ অসম খন চলাব ৷ কেনেকৈ ভাৰতখন চলাব কংগ্ৰেছে ৷ দলটো এতিয়া দিশহাৰা হৈছে বুলিও মন্তব্য কৰে মণি মাধৱ মহন্তই । তেওঁ লগতে কয় যে, সংখ্যালঘু অসমীয়া মুছলমানে অসম গণ পৰিষদ দলক বিকল্প হিচাপে লৈছে ।
হাত এৰি হাতীৰ কাষলৈ ঢাপলি মেলিলে চামগুৰিৰ একাংশ কংগ্ৰেছীয়ে উল্লেখ্য যে, 2001 চনৰ পৰা ধাৰাবাহিকভাৱে চামগুৰি সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে প্ৰৱল প্ৰতাপী কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে (Samaguri MLA Rokibul Hussain) ৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনত বহু কেইটা গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্বও লাভ কৰিছিল ৰকিবুল হুছেইনে ৷ ৰকিবুল হুছেইনৰ পূৰ্বে অগপৰ অতুল শৰ্মাই চামগুৰি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল ৷ কিন্তু শৰ্মাক প্ৰতিহত কৰি 2001 চনত চামগুৰিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহে ৰকিবুল হুছেইন ৷
বিগত দুটা দশক কংগ্ৰেছৰ অধীনত থকা চামগুৰি সমষ্টি একপ্ৰকাৰ দলটোৰ অভেদ্য দূৰ্গ হিচাপেই পৰিগণিত হৈছিল ৷ কিন্তু শেহতীয়াকৈ বাকী সমষ্টি সমূহৰ দৰে চামগুৰি সমষ্টিতো কংগ্ৰেছৰ ভেটি থৰক-বৰক হোৱা পৰিলক্ষিত হৈছে (Congress workers joined in AGP) ৷ তাৰ মাজতে সমষ্টিটোৰ বিধায়কগৰাকীয়ে দল সলনি কৰিব বুলি সময়ে সময়ে ওলাই থকা খবৰেও যেন কিছু পৰিমাণে দলৰ প্ৰতি অনিহাৰ সৃষ্টি কৰিছে চামগুৰিৰ কংগ্ৰেছ কৰ্মী সমকলৰ মনত ৷ যাৰ পৰিপ্ৰেক্ষিতত এইদৰে এতিয়া কংগ্ৰেছ এৰি আন দললৈ ঢাপলি মেলিছে একাংশ কংগ্ৰেছী ৷
লগতে পঢ়ক:Pijus Hazarika Vs Bhupen Borah: কংগ্ৰেছে হেনো আনৰ টকা মাৰি খাবলৈহে শিকায়