নগাঁও, 3 মাৰ্চ :‘‘নগাঁৱৰ আটাইকেইখন আসনেই লাভ কৰিব বিজেপি মিত্ৰজোঁটে ৷ উন্নয়নৰ স্বাৰ্থত ভোটদান কৰিব নগাঁও পৌৰ এলেকাৰ ভোটাৰে ৷ নগাঁৱত সংখ্যালঘু, সংখ্যাগুৰু সকলোৱে আদৰি লৈছে ভাৰতীয় জনতা পাৰ্টীক’’ ৷ বুধবাৰে নিশা নগাঁও চহৰৰ আলিয়ে গলিয়ে নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিকৰ আগত এই মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই (MLA Rupak Sarma on municipality election)৷
মাজত মাত্ৰ তিনিটা দিন, 6 মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যৰ পৌৰসভা নিৰ্বাচন (Municipality election in Assam) ৷ ইতিমধ্যে পৌৰসভাৰ গাদী দখলৰ যুঁজত নামি পৰিছে শাসক-বিৰোধী উভয় পক্ষ ৷ কি দিন কি ৰাতি, ৰ’বলৈ আহৰি নাই প্ৰাৰ্থী তথা দলীয় কৰ্মীসকলৰ ৷ সৰ্বতোপ্ৰকাৰে চেষ্টা চলাইছে পৌৰ এলেকাৰ ভোটাৰ ৰাইজক সন্তুষ্ট কৰাৰ বাবে (Assam civic poll campaign) ৷
ব্যতিক্ৰম নহয় নগাঁও জিলাৰ পৌৰসভা এলেকা (Civic poll in Nagaon) ৷ ইতিমধ্যে নগাঁও পৌৰসভাৰ 26 খন আসনৰ ভিতৰত 3 খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে শাসকীয় বিজেপি দলে ৷ গতিকে বৰ্তমান 23 খন আসনৰ বাবে অনুষ্ঠিত হ’ব নগাঁও পৌৰসভাৰ নিৰ্বাচনী যুঁজ ৷