অসম

assam

ETV Bharat / city

মিকিৰ বামুণী গ্ৰান্ট: কিয় জিতু গোস্বামী বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকে? - protest against jitu Goshwami

মিকিৰ বামুণী গ্ৰান্টত উপস্থিত বিধায়ক জিতু গোস্বামী ৷ বুধবাৰে বামুণী গ্ৰান্টত আজুৰ পাৱাৰ কোম্পানীয়ে চলাই থকা নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিবলৈ গৈ পাৱাৰ কোম্পানীটোৰ হকে মাত মাতিছিল বিধায়ক গৰাকীয়ে ৷ যাৰ ফলত ক্ষুভিত হৈ পৰে স্থানীয় ৰায়তীৰ কৃষকে ৰাইজ ৷ আনকি উত্তেজিত ৰাইজে জ্বলাই দিয়ে বিধায়ক গৰাকীৰ প্ৰতিকৃতি ৷

protest against jitu Goshwami
জিতু গোস্বামী বিৰুদ্ধে প্ৰতিবাদ ৰায়তীৰ কৃষকৰ

By

Published : Aug 20, 2021, 8:37 AM IST

Updated : Aug 20, 2021, 10:08 AM IST

চামগুৰি, 20 আগষ্ট : এতিয়াও মাৰ যোৱা নাই মিকিৰ বামুণীৰ উত্তেজনা ৷ আপোনাৰ নিশ্চয় মনত আছে, বামুণী পাহাৰত একেলগে ১৮ টাকৈ হাতীৰ মৃত্যু হোৱাৰ ঘটনা ৷ হাতীৰ মৃত্যুৰ এই প্ৰসংগৰ পাচতেই চর্চালৈ আহিছে আন এক প্ৰসংগ ৷ সেয়া হৈছে মিকিৰ বামুণী গ্ৰাণ্টত ব্যক্তিগত কোম্পানীৰ সৌৰ শক্তি প্ৰকল্প । ইটিভি ভাৰতত পূৰ্বেই তথ্য সহকাৰে সম্প্ৰচাৰ হৈছিল হস্তী দণ্ডিত সৌৰ শক্তিৰ প্ৰকল্প নিৰ্মাণৰ বাতৰি ।

ইফালে, বুধবাৰে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ মিকিৰ বামুণী গ্ৰান্টত (Mikir Bamuni Grant) আজুৰ পাৱাৰ কোম্পানীয়ে কৰি থকা চ’লাৰ পাৱাৰ প্ৰজেক্টৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰিবলৈ গৈছিল বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী (Jitu Goswami) ৷ পৰিদৰ্শন কালত বিধায়ক গৰাকীয়ে আজুৰ পাৱাৰ কোম্পানীৰ হৈ ওকালতি কৰে ৷ এই খবৰ লাভ কৰি উত্তেজিত হৈ পৰে স্থানীয় ৰায়তীৰ কৃষকে ৰাইজ ৷ ক্ষোভিত কৃষকে ৰাইজে দাহ কৰে বঢ়মপুৰ সমষ্টি বিধায়কগৰাকীৰ প্ৰতিকৃতি ৷

জিতু গোস্বামী বিৰুদ্ধে প্ৰতিবাদ ৰায়তীৰ কৃষকৰ

লগতে পঢ়ক:মিকিৰ বামুণী গ্ৰাণ্টত ব্যতিক্ৰমীভাৱে আন্তৰ্জাতিক আদিবাসী দিৱস পালন

প্ৰতিবাদী কৃষক ৰাইজৰ অভিযোগ, এই কাৰ্যৰ দ্বাৰা বিজেপি নেতা তথা বঢ়মপুৰ সমষ্টিৰ (Barhampur Constituency) স্থানীয় বিধায়ক জিতু গোস্বামীয়ে সন্মানীয় জনপ্ৰতিনিধিৰ পদটি কলুষিত কৰিলে ৷

আনকি বিধায়ক গৰাকীয়ে সামাজিক মাধ্যমত সৌৰশক্তি প্ৰকল্পৰ হৈ যি প্ৰচাৰ চলাইছে সেয়া অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে অঞ্চলটোৰ ৰাইজে ৷ কেৱল অঞ্চলটোৰ ৰাইজে নহয়, বৃহস্পতিবাৰে বিধায়ক গৰাকীয়ে আজুৰ পাৱাৰ কোম্পানীৰ হকে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে কেইবাটাও দল-সংগঠনে ৷ চাৰিওফালে লহ-পহকৈ বাঢ়ি খেতি হৈ থকা মাটিখিনি কেনেকৈ অৱহেলিত মাটি হ’ব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নেতা প্ৰণৱজ্যোতি চেতিয়া, চি পি আইৰ নগাঁও জিলাৰ সম্পাদক ৰাতুল বৰা, কৃষক সভাৰ নেতা চিকাৰি ৰংপী , লক্ষীৰাম মাৰ্ডি আৰু যুৱ নেতা মনোজ সিংহ ৰাজাই ।

লগতে পঢ়ক:১৮ টাকৈ হাতীৰ মৃত্যুৰ পিছত কিয় চর্চালৈ আহিছে এটা সৌৰ শক্তি প্ৰকল্পৰ নাম

প্ৰতিবাদী ৰাইজৰ অভিযোগ, সম্পূৰ্ণ কৃষিভূমিক দেখিও নেদেখাৰ ভাও ধৰিছে বিধায়ক গৰাকীয়ে ৷ এক কথাত ক’ব লাগিব যে, ধৃতৰাষ্ট্ৰৰ ভাও জুৰিছে এতিয়া বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ৷ আনহাতে, এনেকুৱা টুলুঙা মন্তব্যৰ দ্বাৰা ৰাইজৰ কি উপকাৰ সাধিব খুজিছে সেই কথাও ৰাইজৰ মাজত আহি বুজাই দিবলৈ আহ্বান জনাইছে প্ৰতিবাদী ৰাইজে ।

চোৰৰ দৰে মিকিৰ বামুনীৰ চ'লাৰ পাৱাৰ কোম্পানী পৰিদৰ্শন কৰা বিধায়ক জিতু গোস্বামীক এনেধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকিয়ানী প্ৰদান কৰাৰ লগতে অনাগত দিনত বিদ্ৰোহী ৰায়তী কৃষকৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈকো সাজু থাকক বুলি ক্ষোভিত ৰাইজে হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক:বিলুপ্তকৰণ কৰা হ'ব অ'এনজিচিৰ : মন্ত্ৰী ৰামেশ্বৰ তেলী

Last Updated : Aug 20, 2021, 10:08 AM IST

ABOUT THE AUTHOR

...view details