অসম

assam

ETV Bharat / city

বিলৰ পাৰত উদ্ধাৰ নিৰুদ্দিষ্ট শিক্ষকৰ মৃতদেহ - arun borah

সম্পূৰ্ণ দুটা দিনৰ অন্তত উদ্ধাৰ হ'ল বটদ্ৰৱাৰ নিৰুদিষ্ট শিক্ষকৰ মৃতদেহ । বটদ্ৰৱা গড়কাপ্তানী পথৰ এটা দ' খাৱৈৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় শিক্ষকগৰাকীৰ মৃতদেহ । উল্লেখ্য যে, শুকুৰবাৰে উদ্ধাৰ হৈছিল শিক্ষকগৰাকীয়ে ব্য়ৱহাৰ কৰা মটৰচাইকেলৰ আৰু চেণ্ডেল ।

নিৰুদ্দিষ্ট শিক্ষকৰ মৃতদেহ উদ্ধাৰ

By

Published : Mar 30, 2019, 10:25 AM IST

নগাঁও, 30 মাৰ্চ : বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষক অৰুণবৰা মৃতদেহ উদ্ধাৰ বিলৰ পাৰত ৷ বটদ্ৰৱা গড়কাপ্তানী পথৰ এটা দ' খাৱৈৰ পানীত উপঙি থকা অৱস্থাতেই উদ্ধাৰ কৰা হয় শিক্ষকগৰাকীৰ মৃতদেহ । লগতে উদ্ধাৰ কৰা হয় শিক্ষকগৰাকীয়ে ব্যৱহাৰ কৰা AS 02 N 8393 নম্বৰৰ মটৰ চাইকেল আৰু তেওঁৰ ছেণ্ডেলযোৰ । মানসিক ভাৰসাম্য হেৰুওৱা ৰাইডঙীয়া আইভেটিৰ অৰুণবৰাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

নিৰুদ্দিষ্ট শিক্ষকৰ মৃতদেহ উদ্ধাৰ

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁওচিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে এইয়া হত্যা নে আত্মহত্যা এই তথ্য পোহৰলৈ আহিব ।

ABOUT THE AUTHOR

...view details