নগাঁও, 22 জুলাই :এইবাৰ শিলাদিত্যক নীতিশিক্ষা দিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ । ফাট মেলাৰ দিশে ৰাজেন গোহাঁই শিলাদিত্যৰ সম্পৰ্কৰ । সস্তীয়া জনপ্ৰিয়তাৰ বাবেই মিডিয়াৰ আশ্ৰয় লয় শিলাদিত্যই । এইদৰে মন্তব্য কৰে ৰাজেন গোহাঁইয়ে ।
"আগত নিৰ্বাচন আছে, যিটোৱে আমাৰ দলৰ ক্ষতি কৰিব" ফাট মেলাৰ দিশে গতি কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই আৰু বিধায়ক শিলাদিত্যৰ মাজৰ সম্পৰ্ক । বিধানসভা নিৰ্বাচনলৈ কেইটামান মাহ বাকী থকা অৱস্থাত এইবাৰ হঠাৎ সুৰ সলনি হ'ল বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ ।
"চিএমলৈ চিঠি লিখক,লিখিতভাৱে জনাওঁক" বিধায়ক শিলাদিত্যক এইবাৰ নীতিশিক্ষাৰ পাঠ দিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । ইফালে শিলাদিত্যই সস্তীয়া জনপ্ৰিয়তা ল'বৰ বাবেই মিডিয়াৰ আশ্ৰয় লয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজেন গোহাঁইয়ে ।
"বিধায়ক, বলিষ্ঠ নেতা হ'লেও কথা কোৱাৰ এটা লিমিট থাকিব লাগে" নগাঁৱত সংবাদ মাধ্যমৰ আগত হোজাইৰ বিধায়কগৰাকীক উদ্দেশ্যি ৰাজেন গোহাঁইৰ মন্তব্য -"দল ডাঙৰ হ'লে দলৰ মাজত সংঘাত থকাটো স্বাভাৱিক । কিন্তু সেই সংঘাত দলৰ বাহিৰলৈ আনিব নালাগে । আভ্যন্তৰীণ দিশ উদঙাই দিলে দলৰ ক্ষতি হোৱাটো স্বাভাৱিক ।"
শিলাদিত্য সন্দৰ্ভত ৰাজেন গোহাঁই এতিয়া প্ৰশ্ন হয় , হঠাৎ কিয় সুৰ সলনি হৈছে ৰাজেন গোহাঁইৰ ? যি ৰাজেন গোহাঁইয়ে যোৱা লোকসভা নিৰ্বাচনত টিকট লাভ নকৰাৰ পিছত শিলাদিত্য সৰৱ হৈ পৰিছিল সেই শিলাদিত্যক এতিয়া আকৌ নীতিশিক্ষাৰ পাঠ পঢ়াইছে ৰাজেন গোহাঁইয়ে । বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজেন গোহাঁইৰ এই স্থিতিক লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটিছে ।
লগতে পঢ়কঃমহৰ দ্বাৰা সংক্ৰমিত নহয় COVID-19 ৰোগ