নগাঁও, 7 এপ্ৰিল :কংগ্ৰেছৰ বিগত পোন্ধৰ বছৰীয়া কাৰ্য্যকালত নগাঁৱত প্ৰভাৱশালী মন্ত্ৰী থকা স্বত্বেও পিছপৰি থকা নগাঁও চহৰৰ চেহেৰাই সলনি কৰিবলৈ সক্ষম হোৱা বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত গ্ৰহণ কৰা হৈছে কেবাটাও প্ৰকল্প ।
নগাঁৱৰ অধিক সৌন্দৰ্য বৰ্ধনৰ বাবে ইতিমধ্যেই কেবাটাও প্ৰকল্পৰ কাম চলি থকাৰ উপৰিও নতুনকৈ গ্ৰহণ কৰিছে কেবাটাও আঁচনি । নগাঁৱৰ সৌন্দৰ্যবৰ্ধনৰ বাবে হ‘বলগীয়া প্ৰকল্পৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁও চহৰৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংহালে (Minister Ashok Singhal visited Nagaon) ।