বটদ্ৰৱা, 31 ডিচেম্বৰ :শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ বিভিন্ন স্থানৰ জলাশয় আৰু পথাৰসমূহত পৰিভ্ৰমী চৰাইয়ে ভিৰ কৰিছে ৷ পৰিভ্ৰমী চৰাইৰ জলকেলীৰ নান্দনিক দৃশ্যই পথচাৰীকো এক্ষন্তেক ৰ'বলৈ বাধ্য কৰিছে ৷ কিন্তু এচাম দুষ্ট চক্ৰই এই পক্ষীকুলক ধংস কৰাৰ চেষ্টা চলাই আহিছে ৷ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বিভিন্ন স্থানলৈ অহা পৰিভ্ৰমী চৰাইবোৰ বিভিন্ন কৌশলেৰে ফান্দ পাতি ধৰি মুকলিকৈ বিক্ৰী কৰিছে অসাধু ব্যৱসায়ীয়ে ৷ শৰালি, ধেকৰ, কাম চৰাইৰ দৰে দেশী-বিদেশী পৰিভ্ৰমী চৰাইসমূহ এনেদৰে বিক্ৰী কৰাৰ পাচতো আৰক্ষী, প্ৰশাসনৰ লগতে বিয়াগোম বন বিভাগেও নিৰ্লিপ্ততা প্ৰদৰ্শন কৰিছে ৷
বটদ্ৰৱাৰ বজাৰত অবৈধভাৱে বিক্ৰী পৰিভ্ৰমী চৰাই - Migratory birds are selling illegally in Batadrava
নগাঁৱত অবৈধভাৱে বিক্ৰী কৰা হৈছে পৰিভ্ৰমী চৰাই ৷ 500 টকাৰ পৰা 1200 টকাত একাংশ লোকে বিক্ৰী কৰিছে চৰাইসমূহ ৷
বটদ্ৰৱাৰ বজাৰত অবৈধভাৱে বিক্ৰী পৰিভ্ৰমী চৰাই
এই পৰিভ্ৰমী চৰাইবোৰক 500 টকাৰ পৰা 1200 টকাত একাংশ লোকে বিক্ৰী কৰি আহিছে যদিও বটদ্ৰৱা আৰু ধিং আৰক্ষী নিৰৱ হৈ পৰাত ক্ষোভ প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীয়ে ৷
আৰু পঢ়ক : নতুন সেনা প্ৰধান হিচাপে মুকুন্দ নৰাবনেৰ কাৰ্যভাৰ গ্ৰহণ