অসম

assam

ৰহাত 'মানসিক স্বাস্থ্যৰ উত্তৰণ আৰু আত্মহত্যা প্ৰতিৰোধ' সজাগতা সভা

By

Published : Oct 22, 2019, 9:27 PM IST

ৰহাত অনুষ্ঠিত কৰা হয় 'মানসিক স্বাস্থ্যৰ উত্তৰণ আৰু আত্মহত্যা প্ৰতিৰোধ' সজাগতা সভা ৷ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী আৰু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মানসিক স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজন কৰা হয় এই সজাগতা সভা ৷

ৰহাত 'মানসিক স্বাস্থ্যৰ উত্তৰণ আৰু আত্মহত্যা প্ৰতিৰোধ' সজাগতা সভা

ৰহা, 22 অক্টোবৰ : ৰহাৰ আমচৈত অনুষ্ঠিত কৰা হৈছে 'মানসিক স্বাস্থ্যৰ উত্তৰণ আৰু আত্মহত্যা প্ৰতিৰোধ' শীৰ্ষক সজাগতা সভা ৷ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী আৰু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মানসিক স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজন কৰা হয় এই সজাগতা সভা ৷ আমচৈ চাহ বাগানত চিকিৎসক জিয়াছুৰ আহমেদৰ সঞ্চালনাত অনুষ্ঠিত কৰা হয় এই সজাগতা সভা ৷

ৰহাত সজাগতা সভা

এই সভাতে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণীতা মৰাং উপস্থিত থাকি মানসিক ৰোগগ্ৰস্ত আৰু নিৰ্যাতিত লোকসকলৰ চিকিৎসা তথা আশ্ৰয় প্ৰদানৰ বাবে ন্যায় সেৱা প্ৰাধিকাৰীয়ে গ্ৰহণ কৰি অহা বিভিন্ন ব্যৱস্থাসমূহৰ ওপৰত আলোকপাত কৰে ৷ এই সভাৰ লগত সংগতি ৰাখি এক শোভাযাত্ৰাও উলিওৱা হয় । শোভাযাত্ৰাত মদ্যপানৰ কুফল,মানসিক ৰোগীৰ প্ৰতি থকা ভুল ধাৰণা আদি ফলক প্ৰদৰ্শন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় ।

ৰহাত সজাগতা সভা

ABOUT THE AUTHOR

...view details