নগাঁও, 15 মে’: সম্প্ৰতি দল সলনিৰ ধাৰাবাহিকতা অব্যাহত আছে অসমৰ ৰাজনীতিত । কিন্তু ইয়াৰ মাজতে, দেওবাৰে নগাঁৱত পূৰ্বে কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নথকা কেইবাশতাধিক লোকে যোগদান কৰে আম আদমী পাৰ্টীত (Mass joining of AAP in Nagaon) ৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অন্যান্য ৰাজনৈতিক দলৰ লগতে কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে ৰাজ্যখনৰ লগতে নগাঁৱতো দলীয় ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে দলটোৰ সাংগঠনিক কাম-কাজ আৰম্ভ কৰিছে ৷
ইফালে, দলীয় সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে একেদিনাই দলটোৰ নগাঁও জিলা সমিতিৰ উদ্যোগত শ্বহীদ ভৱনত জিলাখনৰ বিভিন্ন আঞ্চলিকৰ কৰ্মীসকলৰ সৈতে এখন আলোচনা সভা অনুষ্ঠিত হয় ।