অসম

assam

ETV Bharat / city

খাদ্য সংকটত হাহাকাৰ কৰিছে এটা মীনা বজাৰৰ দলে - শিলঘাট

ক'ভিডৰ বাবে কলিয়াবৰৰ শিলঘাটত অশোকাষ্টমী মেলা বাতিল হোৱাৰ ফলত বিপদত বিলাসীপাৰাৰ এটা মীনা বজাৰৰ দল ৷ বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে মীনা বজাৰৰ কৰ্মী সকলে ৷

Meena Bazaar team stuck in Shilghat for four months
শিলঘাটত চাৰি মাহধৰি আবদ্ধ মীনা বজাৰৰ দল

By

Published : Jul 2, 2021, 8:31 PM IST

কলিয়াবৰ, 2 জুলাই : ক'ভিডসৃষ্ট পৰিৱেশৰ বাবেই ব্যাহত হৈ পৰিছে সাধাৰণ জন জীৱন ৷ ৰাজ্যত কিছু পৰিমানে কৰ'ণা ৰোগৰ সংক্ৰমন হ্ৰাস পাইছে যদিও কোনো কোনো জিলাত এতিয়াও ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ কৰণা ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দ্যেশ্যে জাৰি কৰা আংশিক লকডাউনৰ ফলত বিপদত পৰিছে দৈনিক খাটি-খোৱা একাংশ লোক ৷

এই আংশিক লকডাউনৰ ফলত কলিয়াবৰৰ শিলঘাটত চাৰিমাহ ধৰি আৱদ্ধ হৈ থাকিব লগীয়া হৈছে মীনা বজাৰৰ দহজনীয়া এটি দল ৷ ক'ভিডৰ বাবে কলিয়াবৰৰ শিলঘাটত বছৰ বছৰ ধৰি অনুষ্ঠিত হৈ অহা অশোকাষ্টমী মেলা বাতিল হয় ৷ ফলত অশোকাষ্টমী মেলা উপলক্ষে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ অহা এটা মীনা বজাৰৰ দল বিপদত পৰিবলগীয়া হয় ৷

শিলঘাটত চাৰি মাহধৰি আবদ্ধ মীনা বজাৰৰ দল

কেইবামাহ ধৰি শিলঘাটতে আৱদ্ধ হৈ থকাত খাদ্য সংকটত পৰাৰ লগতে উপায়বিহীন হৈ কাষৰীয়া অঞ্চলত দিন হাজিৰা কৰি চলিবলগা হৈছে মীনা বজাৰৰ কৰ্মী সকল। এনে ধৰণৰ মেলাসমূহত চকৰী ঘূৰাই ৰাইজক আনক আনন্দ বিলাই পৰিয়াল পোহ পাল দি আহিছিল যদিও আংশিক লকডাউনৰ বাবে এতিয়া কান্দিব লগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, বিলাসীপাৰাৰ মীনা বজাৰৰ লোকসকলে শিৱসাগৰৰ শিৱদৌলত অনুষ্ঠিত হোৱা মেলাৰ পৰা পোনে-পোনে আহিছিল শিলঘাটৰ অশোকাষ্টমী মেলালৈ । কিন্তু ক'ৰণা মহামাৰীৰ বাবেই এইবাৰ বাতিল কৰিব লগা হ'ল শতবৰ্ষ গৰকা শিলঘাট অশোকাষ্টমী মেলা । ইয়াৰ পাছতে এই মীনা বজাৰৰ লোকসকলে অশোকাষ্টমী মেলা কমিটিৰ মুকলি ঠাইতে কেইবামাহ ধৰি বাহৰ পাতি থাকিবলগীয়া হৈছে ।

অৰ্থ সংকট, অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে মীনা বজাৰৰ কৰ্মী সকল । উপায়ন্তৰ হৈ বৰ্তমান দিন হাজিৰাৰ লগতে ব্ৰহ্মপুত্ৰত মৎস্য চিকাৰ কৰিয়েই কোনোমতে চলি আছে দহজনীয়া মীনা বজাৰৰ দলটো । অৱেশষত বিভিন্ন সমস্যা তথা বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰক কৰযোৰে আহ্বান জনাইছে মীনা বজাৰৰ সৈতে জড়িত ব্যক্তিসকলে ।

লগতে পঢ়ক- প্ৰাপ্য মজুৰিৰ দাবীত মদাৰখাটত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details