চামগুৰি, 1 মে’: নগাঁৱৰ ভেৰভেৰিস্থিত মহা মৃত্যঞ্জয় মন্দিৰত প্ৰতিবাদ (Maha Mrityunjay Temple) । মন্দিৰটোত দীৰ্ঘদিন ধৰি নিয়োজিত কৰ্মচাৰী সকলক কৰ্ত্যবৰ পৰা বহিস্কাৰ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে (Local people protest in Nagaon) ৷ জানিব পৰা মতে, মন্দিৰ কৰ্তৃপক্ষই মন্দিৰটো স্থাপন কৰাৰে পৰা কৰ্মৰত স্থানীয় লোকসকলক কৰ্তব্যৰ পৰা বহিস্কাৰ কৰি অনা-অসমীয়া লোকক নতুনকৈ কামত নিযুক্তি দিয়ে ৷
সেয়ে জাঙুৰ খাই উঠে ভুক্তভোগী কৰ্মচাৰীসকল ৷ ফলত দেওবাৰে মন্দিৰৰ মূল প্ৰৱেশ দ্বাৰতে ‘ৰিনিকি ভূঞা শৰ্মা মুৰ্দাবাদ’ ধ্বনি দি ধৰ্ণাত বহিল ভুক্তভোগী কৰ্মচাৰীসকল ৷ আনকি প্ৰতিবাদকাৰীসকলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শানাৰ্থীক প্ৰৱেশত বাধাও প্ৰদান কৰে ৷