বঢ়মপুৰ, 17 ডিচেম্বৰ : হাতী-মানুহৰ সংঘাতত জৰ্জৰিত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজ(Man Elephant conflict in Assam) ৷ কি উজনি কি নামনি বা কি মধ্য অসম, সকলোতে অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস । নগাঁৱৰ বঢ়মপুৰতো হাতী-মানুহৰ সংঘাতত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ(Man Elephant conflict at Barhampur) ৷ জনাঞ্চলত বিচৰণ কৰা হাতীয়ে পথাৰৰ শস্য নষ্ট কৰাৰ লগতে ঘৰ বাৰী ভাঙি চলোৱা তাণ্ডৱত(Wild elephant spoiling crops in field) বাৰুকৈয়ে বিপাঙত পৰিছে নগাঁৱৰ কামপুৰবাসী ৷
বিগত কিছুদিন ধৰি বন্যহস্তীয়ে ত্ৰাস চলাই আহিছে জিলাখনৰ কামপুৰ অঞ্চলত (Wild elephant menace at Kampur) ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে কামপুৰবাসীয়ে ৷ বৃহস্পতিবাৰে নিশা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ জাকে তেলিয়াআটি গাঁৱৰ ক্ষীৰু মেধি নামৰ মহিলা গৰাকীৰ ঘৰ-দুৱাৰ ভাঙি থৈ যোৱাৰ লগতে ভঁৰাল ঘৰ ভাঙি যথেষ্ট পৰিমাণৰ ধান নষ্ট কৰে ।