নগাঁও, 21 ডিচেম্বৰ : নগাঁৱত সংঘটিত এক শোকাৱহ ঘটনা ৷ ঘৰত ৰং কৰি থকা অৱস্থাত সোমবাৰে বিয়লি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটিলে এজন শ্ৰমিকে ৷ নগাঁও চহৰৰ লাচিতপুৰৰ সংগীতা শইকীয়া নামৰ এগৰাকী লোকৰ অট্টালিকাত ৰং কৰি থকা অৱস্থাত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত স্পৰ্শ কৰে দিলু খান নামৰ শ্ৰমিকজনে ।
ঘৰত ৰং কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু - নগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু
নগাঁৱত শোকাৱহ ঘটনা ৷ ঘৰৰ ৰং কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু ৷
বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু
ইয়াৰ পাচতে হুৱাদুৱা লাগে সতীৰ্থ শ্ৰমিকৰ লগতে ঘৰটোৰ পৰিয়ালৰ লোকৰ মাজত ৷ সতীৰ্থ শ্ৰমিকৰ লগতে পৰিয়ালৰ লোকৰ তৎপৰতাত দিলু খানক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ শ্ৰমিকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷