অসম

assam

ETV Bharat / city

নগাঁৱত চাৰিলেনযুক্ত পথ নিৰ্মাণত বাধা প্ৰদান শ্ৰমিকৰ - Labour protest at Nagaon

নগাঁও জিলাৰ গোমোঠা গাঁৱত পূৰ্বে ফ'ৰলেন নিৰ্মাণৰ কামত নিয়োজিত থকা অৰ্ধশতাধিক বঞ্চিত শ্ৰমিক-ঠিকাদাৰে ৰাজপথত সাব্যস্ত কৰিলে এক বিক্ষোভ কাৰ্যসূচী ৷ নগাঁৱৰ উৰিয়াগাঁৱৰ পৰা চামগুৰিৰ ৰঙাগড়া পৰ্যন্ত নিৰ্মীয়মান চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কামত পূৰ্বতে নিয়োজিত হৈ থকা বিতৰ্কিত কোম্পানী "টি.কে. কনষ্ট্ৰাকছন"ৰ বিৰুদ্ধে চূড়ান্তভাৱে ক্ষোভ প্ৰকাশ কৰা দেখা গ'ল পূৰ্বে কোম্পানীটোত কৰ্মৰত শ্ৰমিক-ঠিকাদাৰ সকলে ।

Labour protest at Nagaon
নগাঁৱত চাৰিলেনযুক্ত পথ নিৰ্মাণত বাধা প্ৰদান শ্ৰমিকৰ

By

Published : Oct 19, 2020, 2:13 PM IST

নগাঁও, 19 অক্টোবৰ : নগাঁও জিলাৰ গোমোঠা গাঁৱত পূৰ্বে ফ'ৰলেন নিৰ্মাণৰ কামত নিয়োজিত থকা অৰ্ধশতাধিক বঞ্চিত শ্ৰমিক-ঠিকাদাৰে ৰাজপথত সাব্যস্ত কৰিলে এক বিক্ষোভ কাৰ্যসূচী ৷ নগাঁৱৰ উৰিয়াগাঁৱৰ পৰা চামগুৰিৰ ৰঙাগড়া পৰ্যন্ত নিৰ্মীয়মান চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কামত পূৰ্বতে নিয়োজিত হৈ থকা বিতৰ্কিত কোম্পানী "টি.কে. কনষ্ট্ৰাকছন"ৰ বিৰুদ্ধে চূড়ান্তভাৱে ক্ষোভ প্ৰকাশ কৰা দেখা গ'ল পূৰ্বে কোম্পানীটোত কৰ্মৰত শ্ৰমিক-ঠিকাদাৰ সকলে ।

নগাঁৱত চাৰিলেনযুক্ত পথ নিৰ্মাণত বাধা প্ৰদান শ্ৰমিকৰ

কোম্পানীটোৱে পূৰ্বে কৰ্মৰত অধিকাংশ শ্ৰমিক-ঠিকাদাৰক প্ৰাপ্য বহু লক্ষাধিক টকা আদায় নিদিয়াকৈয়ে ফ'ৰলেন নিৰ্মাণৰ কামৰ পৰা অব্যাহতি লোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিলে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে । লগতে "টি.কে. কনষ্ট্ৰাকছন"ৰ ঠাইত নিৰ্মীয়মান ফ'ৰলেনৰ কাম শেহতীয়াকৈ হাতত লোৱা নৱ নিয়োজিত কোম্পানীটোৰ কামো কিছু সময়ৰ বাবে বন্ধ কৰিলে ক্ষুব্ধ প্ৰাক্তন শ্ৰমিক-ঠিকাদাৰসকলে ।

উল্লেখযোগ্য যে, নগাঁৱৰ উৰিয়াগাঁৱৰ পৰা চামগুৰিৰ ৰঙাগড়া পৰ্য্যন্ত চাৰি লেন যুক্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱা নিৰ্মাণৰ কামত পূৰ্বে নিয়োজিত "টি.কে.কনষ্ট্ৰাকছন" নামৰ কোম্পানীটো বিভিন্ন অভিযোগ তথা বিতৰ্কৰ সৈতে সাঙুৰ খাই পৰাত ফ'ৰলেনটোৰ নিৰ্মাণ কাৰ্যৰ পৰা অব্যাহতি ল'বলৈ বাধ্য হৈ পৰা দেখা গৈছিল কোম্পানীটোৱে । ইফালে "টি.কে. কনষ্ট্ৰাকছন"এ শীঘ্ৰে প্ৰাপ্য ধন আদায় নিদিলে ক্ষুব্ধ প্ৰাক্তন বঞ্চিত শ্ৰমিক-ঠিকাদাৰসকলে আত্মহত্যা কৰাৰ হুংকাৰ প্ৰদান কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰি আহ্বান জনাই যাতে চৰকাৰী পক্ষয়েও বিষয়টো দৃষ্টিগোচৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰি সকাহ প্ৰদান কৰে বঞ্চিতসকলক ।

ইফালে প্ৰতিবাদৰ খবৰ পাই প্ৰতিবাদস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বিষয়টো নগাঁও জিলাৰ উপায়ুক্ত গৰাকীক অৱগত কৰিবলৈ ক্ষুব্ধ প্ৰতিবাদকাৰী সকলক পৰামৰ্শ প্ৰদান কৰা দেখা যায় তহলদাৰী আৰক্ষীৰ দলটোৱে ।

লগতে পঢ়ক :ATM ব্যৱহাৰ কৰিবলৈ বাধ্যতামূলক হ'ব ফিংগাৰ ক'ভাৰ

ABOUT THE AUTHOR

...view details