নগাঁও, 4 এপ্ৰিল: কলিয়াবৰ সমষ্টিটোৰ বাবে প্ৰয়োজন এজন দক্ষ ব্যক্তিৰ ৷ গৌৰৱ গগৈ সমষ্টিটোৰ বাবে উপযুক্ত প্ৰাৰ্থী নহয় ৷ ৰাইজে যদি সঁচাকৈয়ে সমষ্টিটোৰ উন্নয়ন বিচাৰিছে তেনেহ’লে আগন্তক লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক ভোট দিয়াৰ পৰা বিৰত থাকক ভোটাৰ ৰাইজ ৷ বুধবাৰে কলিয়াবৰত এখন সংবাদমেল সম্বোধন কৰি এইদৰে ৰাইজক আহ্বান জনায় কোঁচ- ৰাজবংশী সন্মিলনী সংগঠনটোৱে ৷
‘‘কলিয়াবৰ সমষ্টিৰ বাবে এজন দক্ষ নেতাৰ প্ৰয়োজন’’ - কলিয়াবৰ সমষ্টি
ৰাইজে যদি সমষ্টিটোৰ উন্নয়ন বিচাৰে গৌৰৱ গগৈক ভোট নিদিবঃ কোঁচ ৰাজবংশী সন্মিলনী
সংবাদমেলত বিজেপিক প্ৰশংসা কৰি সংগঠনটোৱে কয় যে, বিজেপি চৰকাৰে জনজাতিকৰণৰ বিষয়টোও যথেষ্ট আগুৱাই থৈছে ৷ আগন্তুক দিনত বিজেপি চৰকাৰ আহিলে জনজাতিকৰণৰ বিষয়টো সমাধান হ'ব ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছক উদ্দেশ্যি সংগঠনটোৱে কয় যে, জনজাতিকৰণৰ ক্ষেত্ৰত সংসদৰ মজিয়াত মৌন আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু সাংসদ গৌৰৱ গগৈ ৷ কংগ্ৰেছ আৰু এআইইউডিএফ ৰ মাজত আদৰ্শগত পাৰ্থক্য নাই বুলি দলটোক কটাক্ষ কৰাৰ লগতে, ৰাজনীতিৰ পৰা অৱসৰ ল’বলৈহে তৰুণ গগৈক আহ্বান জনায় কোঁচ ৰাজবংশী সন্মিলনীয়ে ৷
ইফালে, কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক ভোট দিয়াৰ পৰা বিৰত থাকিবলৈ কোৱাৰ লগতে মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তকহে আগন্তক লোকসভা নিৰ্বাচনত ভোট দিয়াৰ আহ্বান সংগঠনটোৰ ৷