অসম

assam

By

Published : Aug 8, 2021, 4:58 PM IST

ETV Bharat / city

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্থায়ী সীমা-মানচিত্ৰ প্ৰস্তুতৰ দাবী দল-সংগঠনৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ অষ্টম সংযোজনৰ সীমা নিৰ্ধাৰণক লৈ অসন্তুষ্ট কলিয়াবৰৰ দল-সংগঠন, জনসধাৰণ ৷ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আজি পৰ্যন্ত এখন স্থায়ী সীমা আৰু এখন মান-চিত্ৰ নথকাটো অতিকৈ দুৰ্ভাগ্যজনক আখ্যা কলিয়াবৰৰ দল-সংগঠনৰ ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্থায়ী সীমা-মানচিত্ৰ প্ৰস্তুত কৰিবলৈ দাবী দল সংগঠনৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্থায়ী সীমা-মানচিত্ৰ প্ৰস্তুত কৰিবলৈ দাবী দল সংগঠনৰ

কলিয়াবৰ, 8 আগষ্ট : প্ৰতিবছৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ অৰণ্যভূমি সংকোচন হৈ আহিছে ৷ যাৰ ফলত ইয়াত বসবাস কৰা জীৱ-জন্তু সমূহৰ আশ্ৰয়স্থলৰ অভাৱ ঘটিছে ৷ কাজিৰঙাৰ জীৱকূলক পৰ্যাপ্ত আশ্ৰয় দিবলৈ সময়ে সময়ে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলক সংযোজনৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কৰি আহিছে কৰ্তৃপক্ষই ।

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে যুগ-যুগ ধৰি কাজিৰঙাৰ অতন্দ্ৰ প্ৰহৰী হিচাপে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৰক্ষণা বেক্ষণৰ দিশত সেৱা আগবঢ়াই আহিছে ৷ কিন্তু বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যানখনৰ নতুন-নতুন সংযোজন আৰু কিছুমান জন-বিৰোধী আইন-কানুন আৰোপ কৰাৰ ফলশ্ৰুতিত যুগ যুগ ধৰি এই অঞ্চলত বসবাস কৰা কাজিৰঙাৰ অতন্দ্ৰ প্ৰহৰী স্থানীয় জনতাৰ জীৱন আৰু জীৱিকালৈ ভাবুকি নামি আহিছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্থায়ী সীমা-মানচিত্ৰ প্ৰস্তুত কৰিবলৈ দাবী দল সংগঠনৰ

এই ক্ষেত্ৰত বন বিভাগ তথা চৰকাৰে বন্য প্ৰাণীৰ সুৰক্ষাৰ কথা যিমান ভাবিছে, তাৰ বিপৰীতে স্থানীয় বাসিন্দাসকলৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত নিৰুদ্বেগ চৰকাৰ । যিটোৱে কলিয়াবৰত এক উদ্বেগজনক পৰিৱেশৰ সৃষ্টি কৰিছে ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ ন-ন সংযোজন তথা বিভিন্ন সমস্যা সমাধানৰ বাবে কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয়ত ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱ কুমাৰ, মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল-সংগঠনৰ উপস্থিতিত এক আলোচনা সভা অনুষ্ঠিত হয় । সভাত কলিয়াবৰৰ কেইবাটাও দল-সংগঠনে উদ্যানখনৰ সঞ্চালক গৰাকীলৈ স্থায়ী সীমা নিৰ্ধাৰণকে আদি কৰি মুঠ পাঁচটা দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়কঃ Encounter: আৰক্ষীৰ গুলীচালনাত নিহত দুৰ্ধৰ্ষ ডকাইত

ABOUT THE AUTHOR

...view details