অসম

assam

ETV Bharat / city

বটদ্ৰৱাত থানত ''কালযবন বধ'' ভাওনা

শৰতৰ ৰাতি বটদ্ৰৱাত শ্ৰীকৃষ্ণ লীলা । খোল-তালৰ ছেৱে ছেৱে ধনু গদা ঘূৰাই নাচিলে শিশুৰ পৰা আশী উৰ্দ্ধৰ বৃদ্ধই ।

By

Published : Oct 10, 2019, 8:50 AM IST

''কালযবন বধ'' ভাওনাৰ অভিনয় শিল্পী

নগাঁও,10 অক্টোবৰ: বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত ৭ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা গুৰুজনাৰ ৫৭১ সংখ্যাক জন্ম-জয়ন্তী মহোৎসৱত ৯ অক্টোবৰ বুধবাৰে নিশা বটদ্ৰৱাৰ জাজৰিবাসী ৰাইজে পৰিবেশন কৰে ''কালযবন বধ'' ভাওনা ।

বটদ্ৰৱাত থানত গুৰুজনাৰ কৃষ্টি

গুৰুজনাৰ জন্মভূমিত গুৰু জন্ম-জয়ন্তী উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ মাজত পাৰভঙা উৎসাহ পৰিলক্ষিত হয় ৷ বুধবাৰে নিশা বটদ্ৰৱাত শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ সকলোৱে একেলগে উপভোগ কৰে এই ভাওনা পৰিবেশন ৷ ভাওনাৰ শিল্পীসকলে উৎসাহেৰে কৰা এই অনুষ্ঠানটোত দৰ্শকৰ বিপুল উপস্থিতিয়ে সম্পূৰ্ণ কৰি তোলে ৷ সংস্কৃতিৰ এনে চৰ্চাই গুৰুজনাৰ যাউতিযুগীয়া সংস্কৃতিক দৃঢ় কৰাত অৰিহণা যোগাব বুলি মন্তব্য কৰে স্থানীয় লোকে ৷

ABOUT THE AUTHOR

...view details