কলিয়াবৰ, 20 ডিচেম্বৰ :শীত মানেই বনভোজৰ বতৰ ৷ পুৰণি বৰ্ষটোক বিদায় দি এটা নতুন বছৰক আদৰি লোৱাৰ এই সন্ধিক্ষণত সকলোৱে অন্ততঃ এটা দিন বিচাৰে হাঁহি-আনন্দৰ মাজেৰে পাৰ কৰিবলৈ (People enjoying picnic in end of the year) ৷ ব্যস্ততাময় জীৱনৰ সকলো ক্লান্তি একাষৰীয়া কৰি পৰিয়াল-কুটুম্ব অথবা বন্ধু-বান্ধৱৰ সৈতে অনাবিল আনন্দ উপভোগ কৰিবলৈ প্ৰায়সকলেই ওলাই যায় প্ৰকৃতিৰ বুকুৰ মনোমোহা স্থানসমূহলৈ (Natural landscape of Assam) ৷ হাঁহি-ধেমালিৰ মাজেৰে দিনটো পাৰ কৰাৰ লগতে ভিন্ন খাদ্য-সম্ভাৰৰো জুতি লয় সকলোৱে ৷ মুঠতে বনভোজ মানেই আনন্দৰে পৰিপূৰ্ণ এটা দিন ৷
অসমৰ প্ৰতিখন জিলাতেই আছে কেতবোৰ মনোমোহা বনভোজ থলী (Picnic spots in Assam)৷ নদীৰ পাৰ, পাহাৰীয়া নিজৰাৰ পাৰ, চাহ বাগান, কাজিৰঙা, পবিতৰা, মানাহ আদিৰ দৰে অসমৰ বনাঞ্চলসমূহ এই সময়ত ভৰি পৰে বনভোজকাৰী দলেৰে ৷ মধ্য অসমৰ নগাঁও জিলাও ইয়াৰ ব্যতিক্ৰম নহয় ৷ জিলাখনত আছে বহু কেইটা বনভোজ থলী (Popular picnic spots in Nagaon)৷ টেঙাপানী, আকাশীগংগা, লাওখোৱা, চম্পাৱতী জলপ্ৰপাত, হদহদী জলপ্ৰপাত, ত্ৰিশূলধাৰী, শিলঘাট, বাগৰি বনাঞ্চল, বুঢ়াপাহাৰ আদি বহু কেইটা স্থানত ভিৰ কৰেহি জিলাখনৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বনভোজকাৰীৰ দলে ৷
2021 ৰ বিদায় ক্ষণত ত্ৰিশূলধাৰীৰ ব্ৰহ্মপুত্ৰৰ বালিত শীতৰ কাঁচিয়লি ৰ’দত বনভোজৰ আমেজ ল’লে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ আৰক্ষীৰ লোক সকলে (Kaliabor Police enjoying picnic in Trishuldhari) ৷ এই বনভোজলৈ আহিল জিলাখনৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰও ৷