অসম

assam

অ’মিক্ৰণৰ সংক্ৰমণ ৰোধৰ বাবে তৎপৰ কলিয়াবৰ মহকুমা প্ৰশাসন

By

Published : Dec 28, 2021, 7:47 PM IST

দেশত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা অ’মিক্ৰণ সংক্ৰমণ ৰোধৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ ৷ শেহতীয়াকৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Health Minister Keshab Mahanta)ই অ’মিক্ৰণৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ ৰাজ্যতে বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে সান্ধ্য আইন জাৰি কৰিছে । ইয়াৰ লগে লগে কঠোৰ হৈছে বিভিন্ন জিলাৰ প্ৰশাসন ৷

Kaliabor district Administration is ready for prevent infection of omicron
অ’মিক্ৰণৰ সংক্ৰমণ ৰোধৰ বাবে তৎপৰ কলিয়াবৰ মহকুমা প্ৰশাসন

কলিয়াবৰ, 28 ডিচেম্বৰ : কলিয়াবৰ মহকুমা প্ৰশাসনে অ’মিক্ৰণৰ সংক্ৰমণ ৰোধৰ বাবে স্থানীয় ৰাইজৰ মাজত সচেতনতা সৃষ্টি কৰাত ব্যস্ত হৈ পৰিছে । বিশেষকৈ মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ লোৱা ইঙ্গিত দিছে কলিয়াবৰ প্ৰশাসনে । মাস্ক নিপিন্ধাকৈ ৰাজহুৱা স্থানত ওলোৱা ব্যক্তিক এহেজাৰ টকা জৰিমনা বিহাৰ বাবে কৰা ঘোষণাৰ গইনা লৈ কলিয়াবৰ মহকুমা প্ৰশাসনে(Kaliabor district Administration) জনতাক সকলো পৰিস্থিতিতেই মাস্ক পৰিধান কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ সঁকিয়নী দিছে ৷

কলিয়াবৰ ৰাজহ চক্ৰৰ কাৰ্যালয়

শিক্ষানুষ্ঠানসমূহতো ছাত্ৰ-ছাত্ৰীয়ে মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ কলিয়াবৰ মহকুমা প্ৰশাসনে কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া(Kaliabor Revenue Circle Circle Officer)ৰ কাৰ্যালয়তো বিষয়া-কৰ্মচাৰী তথা কাৰ্যালয়লৈ অহা লোকসকলক মাস্ক পিন্ধিহে আহিবলৈ জাননী জাৰি কৰিছে চক্ৰ বিষয়াই । ইতিমধ্যে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বাহিৰে-ভিতৰে এই সন্দৰ্ভত ফলক জাৰি কৰা হৈছে ।

কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া

সৰ্বসাধাৰণ লোকৰ লগতে কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ বিৰূদ্ধেও সম ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীয়ে । ৰাজহ চক্ৰ কাৰ্যালয়ত মাস্ক পৰিধান নকৰাকৈ প্ৰৱেশ কৰিলে জৰিমণা বিহাৰ ব্যৱস্থা কৰাৰ কথা সদৰি কৰে চক্ৰ বিষয়াগৰাকীয়ে ৷ উল্লেখ্য যে, ইতিমধ্যে দেশৰ প্ৰায় ১৯ খন ৰাজ্যত অ’মিক্ৰণ(Coronavirus Omicron Variant )ৰ সংক্ৰমণ ধৰা পৰিছেল ৷ সোমবাৰে চুবুৰীয়া ৰাজ্য মণিপুৰত নাইজেৰিয়াৰ পৰা অহা এজন ব্যক্তিৰ দেহত অ’মিক্ৰণ(OMICRON First case in North East) চিনাক্ত কৰাৰ পাছত অসমতো সষ্টম হৈ পৰিছে চৰকাৰৰ লগতে জিলা-মহকুমা প্ৰশাসন ।

লগতে পঢ়ক :First Omicron case in Manipur : মণিপুৰত ধৰা পৰিছে অ’মিক্ৰণৰ প্ৰথমটো ঘটনা

ABOUT THE AUTHOR

...view details