অসম

assam

ETV Bharat / city

উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাবে সাজু হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসন

কাইলৈ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সাজু হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসন (Kaliabor administration restricts loudspeakers ahead of exam ) ৷

kaliabor-sub-division-restricts-loudspeakers-ahead-of-the-hs-hslc-exam
উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাবে সাজু হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসন

By

Published : Mar 14, 2022, 9:50 PM IST

কলিয়াবৰ, 14 মাৰ্চ :কাইলৈ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৷ সাজু হৈ উঠিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষা কেন্দ্ৰসমূহ ৷ সমান্তৰালভাৱে সাজু হৈ উঠিছে কলিয়াবৰৰ কেবাটাও পৰীক্ষাকেন্দ্ৰ ৷ লগতে আইন শৃংখলা ৰক্ষাৰ বাবে সাজু হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসন (Kaliabor sub division administration) ।

উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাবে সাজু হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসন

জানিব পৰা মতে, এইবাৰৰ উচ্চ-উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলাখনৰ প্ৰায় 8 টাকৈ পৰীক্ষাকেন্দ্ৰত প্ৰায় চাৰি হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব ৷ এই পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ সময়ত যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসনে কেবাটাও নিৰ্দেশনা জাৰি কৰিছে ৷

কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰা নিৰ্দশনা অনুসৰি, পৰীক্ষা কেন্দ্ৰৰ সমীপৰ পথত বাহনৰ চালক সাৱধান হ'ব লাগিব ,বজাব নোৱাৰিব হৰ্ণ, নিয়ন্ত্ৰিত গতিত বাহন চলাব লাগিব অন্যথা শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব (restriction on loudspeakers during exam) ৷

কলিয়াবৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰকেইটা ক্ৰমে, কলিয়াবৰ মহাবিদ্যালয়, আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় ইত্যাদি ৷ লগতে উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা হ’বলগীয়া পৰীক্ষাকেন্দ্ৰকেইটা ক্ৰমে, আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়, মিছা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শালনা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিঙিমাৰী মহম্মদ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷

লগতে পঢ়ক :আজিৰে পৰা বিধায়ক হ'ল ভূৱন গাম

ABOUT THE AUTHOR

...view details