অসম

assam

ETV Bharat / city

ভোট গণনাৰ বাবে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন - nagaon constituency

কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত হ’বলগীয়া ভোটগণনাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ৷ লগতে, নিৰাপত্তাৰ ক্ষেত্ৰটো সষ্টম প্ৰশাসন ৷ ইয়াৰোপৰিও "সুবিধা এপ"ৰ জৰিয়তে জনসাধাৰণে লাভ কৰিব প্ৰাৰ্থীসকলে লাভ কৰা ভোটৰ সংখ্যা ৷

etv bharat

By

Published : May 22, 2019, 5:38 PM IST

  • 23 মে’ত সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন ৷
  • কলিয়াবৰ বিধানসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 191 টা ৷
  • ইয়াৰে মুঠ 192 টা ইভিএমৰ হ’ব ভোট গণনা ৷
  • কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপন কৰা হৈছে ভোটগণনা কেন্দ্ৰ ৷
  • পুৱা সাত বজাৰ পৰা মুঠ চৈধ্যখন টেবুলত হ’ব ভোটগণনা ৷
  • ভোটগণনা কেন্দ্ৰত উপস্থিত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত, ভাৰপ্ৰাপ্ত মহকুমাধিপতি, ৮৯ নং বিধানসভা সমষ্টিৰ সহকাৰী ৰিটাৰ্ণিং বিষয়া বিতুপন নেওগ ৷
  • প্ৰতিখন টেবুলতে থাকিব এজন পৰ্যবেক্ষক আৰু এজন সহকাৰী পৰ্যবেক্ষক আৰু সুক্ষ্ম অৱলোকনকাৰী ৷
  • নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৰিটাৰ্ণিং বিষয়াৰ পৰীক্ষণৰ জৰিয়তে পৰ্যায়ক্ৰমে প্ৰকাশ কৰা হ’ব ফলাফলসমূহ ৷
  • VVPAT গণনাৰ পাচতহে প্ৰকাশ কৰা হ’ব চূড়ান্ত ফলাফল ৷
  • ইয়াৰোপৰিও, "সুবিধা এপ"ৰ জৰিয়তে জনসাধাৰণে লাভ কৰিব প্ৰাৰ্থীসকলে লাভ কৰা ভোটৰ সংখ্যা ৷
    ভোটগণনাৰ বাবে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন

ABOUT THE AUTHOR

...view details