অসম

assam

ETV Bharat / city

কলিয়াবৰত পুনৰ দুজন কৰ’ণাত আক্ৰান্ত

কলিয়াবৰত শনিবাৰে দুগৰাকী ব্যক্তিৰ দেহত কৰ’ণাৰ অৱস্থিতি ৷ কলিয়াবৰত দহগৰাকীলৈ বৃদ্ধি কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

কলিয়াবৰত দুজন ক’ভিড-19 ত আক্ৰান্ত
কলিয়াবৰত দুজন ক’ভিড-19 ত আক্ৰান্ত

By

Published : Apr 17, 2021, 9:46 PM IST

কলিয়াবৰ,17 এপ্ৰিল: শনিবাৰে পুৱা ৰাজ্যৰাণী এক্সপ্ৰেছত অহা এগৰাকী মহিলা যাত্ৰীৰ দেহত কৰ’ণা উপস্থিতি ধৰা পৰে ৷ মহিলা গৰাকী ক’ভিড-19 ত সংক্ৰমিত হোৱা বুলি চিনাক্ত হোৱাৰ পাছত জখলাবন্ধাৰ চিকনি বৰহোলাৰ এগৰাকী ৩৫ বছৰীয়া ব্যক্তি ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ।

জখলাবন্ধা চিকিৎসালয়ত পৰীক্ষা কৰোতে দুয়োগৰাকীৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে । স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আক্ৰান্ত দুয়োগৰাকী ব্যক্তিকে হোম আইছ’লেচনত থাকিবলৈ পৰামৰ্শ দিয়া হয় ৷ কলিয়াবৰত ক’ভিড আক্ৰান্তৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক :ছাগলীয়াত চোৰাং গৰুসহ আটক চাৰিজন লোক

ABOUT THE AUTHOR

...view details