নগাঁও, 31 আগষ্ট : নগাঁৱৰ নৱনিযুক্ত জিলা উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বিষয়া কবিথা পদ্মনাভনে ৷ জিলাখনৰ উপায়ুক্ত যাদৱ শইকীয়াৰ পৰা উপায়ুক্ত হিচাপে নিজৰ দায়িত্বভাৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে কবিথা পদ্মনাভনে ৷ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে বিদায়ী উপায়ুক্ত যাদৱ শইকীয়াক বিদায় সম্ভাষণ দিয়াৰ লগতে নৱনিযুক্ত উপায়ুক্তগৰাকীক আদৰণি জনায় ৷ নৱনিযুক্ত জিলা উপায়ুক্তগৰাকীয়ে অনাগত দিনত জিলাখনক আগুৱাই নিয়াত সকলোৰে সহযোগিতা কামনা কৰে আৰু বিদায়ী উপায়ুক্তক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে ৷
নগাঁৱত জিলা উপায়ুক্ত হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কবিথা পদ্মনাভনৰ - Nagaon new DC
নগাঁৱৰ নৱনিযুক্ত জিলা উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বিষয়া কবিথা পদ্মনাভনৰ ৷

নগাঁৱত জিলা উপায়ুক্ত হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কবিথা পদ্মনাভনৰ